মধ্যপ্ৰাচ্যত অব্যাহত থকা যুদ্ধই অসমৰ চাহ উদ্যোগলৈ কঢ়িয়াই আনিব পাৰে এক গভীৰ সংকট। যদিহে সাগৰীয় পৰিবহণ পথসমূহ দীৰ্ঘদিন ধৰি বন্ধ হৈ থাকে, তেন্তে ইয়াৰ প্ৰভাৱ চাহ ৰপ্তানিৰ ওপৰত বাৰুকৈয়ে পৰিব বুলি আশংকা প্ৰকাশ কৰিছে চাহ বৰ্ডৰ প্ৰাক্তন অধ্যক্ষ তথা বিশিষ্ট চাহ খেতিয়ক প্ৰভাত বেজবৰুৱাই। বিশেষকৈ বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ জলপথ ‘ষ্ট্ৰেইট অৱ হৰমুজ’ বন্ধ হৈ পৰিলে পশ্চিম এছিয়াৰ দেশসমূহলৈ ভাৰতীয় চাহ প্ৰেৰণ কৰাত বৃহৎ বাধাৰ সৃষ্টি হ’ব।
প্ৰভাত বেজবৰুৱাই জানিবলৈ দিয়া মতে, যোৱা বছৰ ভাৰতে প্ৰায় ২৮০ নিযুত কিলোগ্ৰাম চাহ ৰপ্তানি কৰিছিল। ইয়াৰে প্ৰায় ৪০ শতাংশ অৰ্থাৎ ১০০ নিযুত কিলোগ্ৰাম চাহ ইৰাক, ইৰাণ, ইউ এ ই আৰু জৰ্ডানৰ দৰে পশ্চিম এছিয়াৰ দেশসমূহলৈ প্ৰেৰণ কৰা হৈছিল। তেওঁ কয়, “যদি যুদ্ধ দীৰ্ঘস্থায়ী হয়, তেন্তে আমাৰ চাহ উদ্যোগটোৱে বৃহৎ লোকচানৰ মুখ দেখিব।” অৱশ্যে আমেৰিকাৰ দৰে বজাৰসমূহৰ ওপৰত এই যুদ্ধৰ প্ৰভাৱ তুলনামূলকভাৱে কম হ’ব বুলিও তেওঁ উল্লেখ কৰে।
ভূ-ৰাজনৈতিক অস্থিৰতাৰ উপৰি বতৰৰ প্ৰতিকূলতাইও এতিয়া চিন্তিত কৰি তুলিছে চাহ খেতিয়কসকলক। বেজবৰুৱাই আক্ষেপ প্ৰকাশ কৰি কয় যে পৰ্যাপ্ত বৰষুণৰ অভাৱত এইবাৰ চাহ উৎপাদনৰ আৰম্ভণি আশানুৰূপ হোৱা নাই। চাহ উদ্যোগৰ বাবে মাৰ্চ, এপ্ৰিল আৰু মে’ মাহ অত্যন্ত গুৰুত্বপূৰ্ণ যদিও বৰ্তমানৰ খৰাং সদৃশ পৰিৱেশে উৎপাদনত বাধাৰ সৃষ্টি কৰিছে। তেওঁ লগতে কয় যে এপ্ৰিল মাহৰ পৰাহে নতুন উৎপাদন চক্ৰ আৰম্ভ হ’ব আৰু তেতিয়াহে বিশ্বৰ পৰিস্থিতিয়ে চাহ বজাৰত কেনে প্ৰভাৱ পেলায় সেয়া স্পষ্ট হ’ব।
উল্লেখ্য যে যোৱা বছৰ ভাৰতৰ মুঠ ১,৩৩০ নিযুত কিলোগ্ৰাম চাহ উৎপাদনৰ ভিতৰত অকল অসমতেই ৬৬০ নিযুত কিলোগ্ৰাম চাহ উৎপাদন হৈছিল। দেশৰ সৰ্ববৃহৎ চাহ উৎপাদনকাৰী ৰাজ্য হিচাপে অসমৰ চাহ খণ্ডটো বৰ্তমান বতৰ আৰু আন্তঃৰাষ্ট্ৰীয় ৰাজনীতি—এই দুয়োটা প্ৰত্যাহ্বানৰ মাজত সোমাই পৰিছে। আগন্তুক কেইটামান সপ্তাহত বতৰৰ উন্নতি ঘটিলেহে উৎপাদনৰ লক্ষ্যত উপনীত হোৱাটো সম্ভৱ হ’ব বুলি অভিজ্ঞ চাহ খেতিয়কগৰাকীয়ে মন্তব্য কৰে।
