বিশ্বৰ দুই শক্তিশালী দেশ ভাৰত আৰু আমেৰিকাৰ মাজত অব্যাহত বাণিজ্যিক আলোচনাত নতুন বিতৰ্কৰ সৃষ্টি হৈছে। আমেৰিকাৰ বাণিজ্য সচিব হাৱাৰ্ড লুটনিয়ে উল্লেখ কৰিছে যে, ভারত আৰু আমেৰিকাৰ মাজত এক গুৰুত্বপূৰ্ণ বাণিজ্য চুক্তি চূড়ান্ত হোৱাৰ প্রায় ওচৰ চাপিছিল, কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক ফোন নকৰাৰ ফলত চুক্তি সম্পন্ন নহ’ল। লুটনিয়ে কৈছে যে তেওঁ চুক্তিৰ বাবে সকলো প্ৰক্ৰিয়া সাজু কৰি ৰাখিছিল, কিন্তু মোদীৰ ফোন নকৰাৰ বাবেই আলোচনা অগ্ৰগতিহীন হৈ পৰে।
যুক্তৰাষ্ট্ৰে ভাৰতৰ ওপৰত যোৱা মাসত ৫০ শতাংশ শুল্ক আৰোপ কৰিছে আৰু আমেৰিকাৰ সংসদে ‘চেংকচনিং ৰাছিয়া এক্ট ২০২৫’ নামৰ এক বিধেয়ক উত্থাপন কৰিছে, যাৰ উদ্দেশ্য হৈছে ৰাছিয়াৰ সৈতে বাইরে গলীয়া শক্তিৰ ব্যৱসায় কৰা দেশসমূহৰ ওপৰত শুল্ক বৃদ্ধি কৰা। বিশেষজ্ঞসকলে এই পৰিস্থিতি ভাৰতৰ ৰপ্তানি খণ্ডৰ বাবে ডাঙৰ চেলেঞ্বৰ সৃষ্টি কৰিব পাৰে বুলি ভাবিছে।
