ৰাজ্যত পুনৰ ভয়াৱহ ৰূপত বৃদ্ধি পাবলৈ লৈছে মাৰাত্মক ক’ভিডৰ সংক্ৰমণ। এইবাৰ কোভিডৰ গণ সংক্ৰমণ ঘটিছে IIT গুৱাহাটীত।
প্ৰতিষ্ঠানখনৰ অৰ্ধশতাধিক শিক্ষাৰ্থীৰ দেহত কোৰোনাৰ সংক্ৰমণ ধৰা পৰাৰ পিছতে বৃদ্ধি পাইছে আতংকৰ। জানিব পৰা মতে, আক্ৰান্তসকলৰ অধিকাংশই ৰাজ্যৰ বাহিৰৰ পৰা অহা শিক্ষাৰ্থী।
ইতিমধ্যে শিক্ষা প্ৰতিষ্ঠানখনৰ পৰা বাহিৰলৈ অহা–যোৱা বন্ধ কৰা হৈছে শিক্ষাৰ্থীৰ। নিৰ্মাণ কৰা হৈছে কোৱাৰেণ্টাইন চেণ্টাৰ। কেইবাজনো বিষয়া, কৰ্মচাৰী, অধ্যাপকৰ দেহতো পোৱা গৈছে ক’ভিডৰ উপস্থিতি।
