অনলাইন ডাটা বিজ্ঞান কাৰ্যসূচীৰ বাবে আমন্ত্ৰণ

149

অনলাইন তথ্য বিজ্ঞান কাৰ্যসূচীৰ পৰৱৰ্তী গোটৰ বাবে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান মাদ্ৰাজৰ দ্বাৰা আৱেদন আমন্ত্ৰণ কৰা হৈছে। এই কাৰ্যসূচীয়ে আইআইটি মাদ্ৰাজৰ পৰা অধ্যয়ন কৰাৰ এক অনন্য সুযোগ প্ৰদান কৰে। শিক্ষাৰ্থীসকলে তেওঁলোকৰ চৌহদৰ পাঠ্যক্ৰমৰ সৈতে প্ৰ’গ্ৰামিং আৰু ডাটা বিজ্ঞানৰ ডিপ্লোমা অনুসৰণ কৰিব পাৰে। এই তথ্য বিজ্ঞান কাৰ্যসূচীৰ পৰৱৰ্তী গোটৰ বাবে আবেদন কৰাৰ অন্তিম তাৰিখ হৈছে ৩০ আগষ্ট। আগ্ৰহী শিক্ষাৰ্থীসকলে ৱেবছাইটৰ জৰিয়তে আবেদন কৰিব পাৰে: https://onlinedegree.iitm.ac.in

এই কাৰ্যসূচীৰ সফলতা এই কথাৰ পৰা অনুমান কৰিব পাৰি যে ই ফাউণ্ডেচন পৰ্যায়ৰ বাবে প্ৰায় ২৭ খন ৰাজ্য আৰু পাঁচখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ শিক্ষাৰ্থীসকলক আকৰ্ষিত কৰিছিল। এই কাৰ্যসূচীৰ উদ্দেশ্য হৈছে দ্বাদশ শ্ৰেণীউত্তীৰ্ণ হোৱা আৰু দশম শ্ৰেণীত ইংৰাজী আৰু গণিত অধ্যয়ন কৰা যিকোনো লোকৰ পৰা এজন ডাটা বিজ্ঞানী বনোৱা। পৰৱৰ্তী কোৱালিফায়াৰ বেচৰ শ্ৰেণীসমূহ ২০২১ চনৰ ছেপ্টেম্বৰত আৰম্ভ হ’ব।
সকলো আৱেদনকাৰীয়ে এক কোৱালিফায়াৰ প্ৰক্ৰিয়াৰ মাজেৰে যাব, য’ত আই.আই.টি. মাদ্ৰাজে 4 সপ্তাহৰ অনলাইন প্ৰশিক্ষণ প্ৰদান কৰে। অনলাইন এছাইনমেণ্ট সম্পূৰ্ণ হোৱাৰ পিছত, শিক্ষাৰ্থীসকল কোৱালিফায়াৰ পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ যোগ্য হয় আৰু যিসকলে কোৱালিফায়াৰ পৰীক্ষাত উত্তীৰ্ণ হয় তেওঁলোকক ডাটা বিজ্ঞান কাৰ্যসূচীৰ আধাৰস্তৰত নামভৰ্তিৰ প্ৰস্তাৱ দিয়া হ’ব।