আইএইচজি হোটেল এণ্ড ৰিজৰ্টে উত্তৰ-পূবৰ প্ৰাণকেন্দ্ৰ গুৱাহাটীত নতুন হলিডে ইন নিৰ্মাণৰ পৰিকল্পনাৰ কথা ঘোষণা কৰিছে। ২০২৮ৰ জানুৱাৰী মাহত গ্ৰাহকৰ বাবে দ্বাৰ মুকলি হ’ব ১৫০টা কোঠাযুক্ত এই হোটেলখন। প্ৰতিযোগিতামূলক বজাৰত মানসম্পন্ন ব্ৰেণ্ডেড বাসস্থানৰ বৰ্ধিত চাহিদা পূৰণ কৰিবলৈ আইএইচজিৰ সম্প্ৰসাৰণ ষ্ট্ৰেটেজীত এক কৌশলগত পদক্ষেপ গ্ৰহণ কৰিছে। সদাব্যস্ত আজাৰা ৰোডৰ কাষত অৱস্থিত হলিডে ইন গুৱাহাটী হোটেলখনে গুৱাহাটী বিমানবন্দৰ আৰু চহৰখনৰ মাজমজিয়াৰ পৰা সহজে যাব পৰা এক উত্তম স্থানত প্ৰতিষ্ঠা কৰা হৈছে।
যুৱান ডেভেলপাৰ্ছ প্ৰাইভেট লিমিটেডৰ সৈতে পৰিচালনা চুক্তিৰ জৰিয়তে নিৰ্মাণ কৰা এই হোটেলখনৰ লক্ষ্য হৈছে ব্যস্ত চহৰখন ভ্ৰমণ কৰা কৰ্পৰেট আৰু অবসৰৰ ভ্ৰমণকাৰী-পৰ্যটক উভয়কে সুবিধা-সেৱা প্ৰদান কৰা। হোটেলখনত কেৱল থকাৰ ব্যৱস্থাই নহয়, লগতে অধিক সুবিধা প্ৰদানৰ বাবে হোটেলখনত আছে ৩টা ডাইনিং বিকল্প, এটা ফিটনেছ চেণ্টাৰ, এটা পুল আৰু চাৰিটা সভা কক্ষ। বহুমুখী মিটিং আয়োজনৰ বাবে এটা বেংকুৱেট হলো থাকিব হোটেলখনত। বজাৰৰ শেহতীয়া চাহিদা, ক্ৰমবৰ্ধমান সম্ভাৱনা পূৰণ, প্ৰকৃত আতিথ্য আৰু মানসম্পন্ন ব্ৰেণ্ডেড আৱাস প্ৰদানৰ বাবে আইএইচজিৰ প্ৰতিশ্ৰুতিৰ সৈতে সংগতি ৰাখে।
গুৱাহাটীত বিশ্বব্যাপী প্ৰখ্যাত হলিডে ইন ব্ৰেণ্ডৰ পৰিচয় কৰি দিবলৈ পাই উচ্ছাস প্ৰকাশ কৰিছে আইএইচজি হোটেল এণ্ড ৰিজ’ৰ্টছৰ দক্ষিণ পশ্চিম এছিয়াৰ পৰিচালন সঞ্চালক সুদীপ জৈনে। যুৱান ডেভেলপাৰ্ছ প্ৰাইভেট লিমিটেডৰ সঞ্চালক ৰাহুল লোহিয়াই এই অনুভূতিক অনুৰণিত কৰি অঞ্চলটোৰ ব্যৱসায়িক আৰু অৱসৰ বিনোদন বিচৰা আৰু ভ্ৰমণকাৰীৰ বাবে হলিডে ইন গুৱাহাটীক পছন্দৰ স্থান হিচাপে পূৰ্বানুমান কৰিছে। ভাৰতত বৰ্তমান আইএইচজিৰ ৪৫খন বিভিন্ন ব্ৰেণ্ডৰ হোটেল আছে আৰু আগন্তুক ৩-৫ বছৰত সেৱা-পৰিচালনাৰ বাবে সাজু হৈ উঠিব আন ৪৫খন হোটেল।
