জল, নলা-নৰ্দমা, গোটা আৱৰ্জনা আৰু পুনঃব্যৱহাৰৰ ক্ষেত্ৰত সেৱা-সমাধান প্ৰদানকাৰী দেশৰ সৰ্ববৃহৎ বাণিজ্য মেলা আইএফএটি ইণ্ডিয়াৰ দ্বাদশ সংস্কৰণ ৩টা গতিশীল দিনৰ ব্যৱসায়, জ্ঞান বিনিময় আৰু বিশ্বব্যাপী সহযোগিতাৰে মুম্বাইত সামৰণি পৰিছে। ২০২৫ চনৰ ১৪–১৬ অক্টোবৰলৈকে মেছে মুয়েনচেন ইণ্ডিয়াৰ দ্বাৰা বম্বে প্ৰদৰ্শনী কেন্দ্ৰৰ ৪৫,০০০+ বৰ্গমিটাৰ প্ৰদৰ্শনী স্থানত আয়োজিত এই অনুষ্ঠানত ১৮,০০০+দৰ্শক, ৩০+ দেশৰ ৫৬০+ প্ৰদৰ্শকৰ সৰ্বকালৰ সৰ্বোচ্চ অংশগ্ৰহণেৰে নতুন অভিলেখৰ সৃষ্টি হয়। মেছে মুনচেনৰ আইএমইএৰ অধ্যক্ষ তথা মেছে মুনচেন ইণ্ডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া ভূপিন্দৰ সিঙে এই বিষয়ে কয় যে, “আইএফএটি ইণ্ডিয়া ২০২৫-এ প্ৰকৃতাৰ্থত বিশ্বৰ সহযোগিতাৰ মনোভাৱক প্ৰতিফলিত কৰিছিল। ২০২৫ চনৰ সংস্কৰণত ৬টা আন্তঃৰাষ্ট্ৰীয় পেভিলিয়ন ক্ৰমে জাৰ্মানী, কানাডা, নেদাৰলেণ্ড, দক্ষিণ কোৰিয়া, হাংগেৰী আৰু অষ্ট্ৰেলিয়াই অনুষ্ঠানৰ আন্তঃৰাষ্ট্ৰীয় তাৎপৰ্যৰ ওপৰত আলোকপাত কৰিছিল আৰু পৰিৱেশ প্ৰযুক্তিৰ বৃদ্ধিৰ কেন্দ্ৰ হিচাপে ভাৰতৰ স্থিতি শক্তিশালী কৰা হৈছিল।
বঁটা বিজয়ী অভিনেত্ৰী, প্ৰযোজক আৰু ৰাষ্ট্ৰসংঘৰ পৰিৱেশ সদিচ্ছা দূত দিয়া মিৰ্জাই পৌৰ নিগম, মন্ত্ৰালয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধিৰ জ্যেষ্ঠ গণ্যমান্য ব্যক্তিসকলৰ উপস্থিতিত এই বাণিজ্য মেলা উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত নিজৰ অভিমত প্ৰদান কৰি দিয়া মিৰ্জাই কয় যে, “আইএফএটি ইণ্ডিয়াৰ দৰে মঞ্চই আমাক মনত পেলাই দিয়ে যে জলবায়ু সংকটৰ বাবে সহযোগিতাৰ প্ৰয়োজন-প্ৰতিযোগিতাৰ নহয়।” প্ৰদৰ্শনীৰ সমান্তৰালভাৱে চলি থকা আইএফএটি ইণ্ডিয়া সন্মিলনত পাঁচটা ভিন্ন পৰ্যায়-নীলা (পানী) সেউজীয়া (নগৰ আৰু অনাময়) কমলা (আৱৰ্জনা আৰু চক্ৰীয় অৰ্থনীতি) আৱৰ্জনা প্ৰযুক্তি আৰু পানী প্ৰযুক্তিত ৪০টাৰো অধিক অধিৱেশনত ৪০০ৰো অধিক বক্তাই অংশগ্ৰহণ কৰিছিল।
ইয়াৰ উপৰিও দুটা উচ্চ-প্ৰভাৱযুক্ত কাৰিকৰী কাৰ্যসূচীৰ আয়োজন কৰা হৈছিল-ৱেষ্টটেক সন্মিলন আৰু ৱাটাৰটেক সন্মিলনত-দুদিনত (১৪-১৫ অক্টোবৰ) ২৫টাতকৈও অধিক বিশেষজ্ঞ নেতৃত্বাধীন পেনেল আলোচনা অনুষ্ঠিত হৈছিল। আইএফএটি ৱৰ্ল্ডৱাইডৰ গ্লবেল ইণ্ডাষ্ট্ৰী লিড কেথাৰিনা শ্লেগলে বহনক্ষম প্ৰযুক্তি আৰু অংশীদাৰিত্বৰ কেন্দ্ৰ হিচাপে ভাৰতৰ বৰ্ধিত প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। “এই বছৰৰ কথোপকথন পূৰ্বতকৈ অধিক কৌশলগত আছিল”, এক আগশাৰীৰ পুনৰ্ব্যৱহাৰ সঁজুলি নিৰ্মাণকাৰী ফৰ্নাক্স প্ৰযুক্তিৰ সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া জিগ্নেশ কুণ্ডাৰিয়াই এইদৰে উল্লেখ কৰে। “ভাৰতীয় জল উদ্যোগটোৱে পোনপটীয়াকৈ সামৰ্থ্য সৃষ্টিৰ পৰা স্থায়িত্ব-চালিত প্ৰদৰ্শনলৈ পৰিৱৰ্তন কৰিছে”, ভিঅ’লিয়া ৱাটাৰ টেকনলজীছ এণ্ড ছল্যুচনছৰ দক্ষিণ এছিয়াৰ জ্যেষ্ঠ উপাধ্যক্ষ গোপাল মাদাবুছিয়ে এইদৰে কয়। উইলো মেথাৰ এণ্ড প্লাট পাম্পছ প্ৰাইভেট লিমিটেডৰ মুখ্য বিক্ৰী বিষয়া ড০ ৰবীন্দ্ৰ উটগিকাৰে মন্তব্য কৰি কয় যে, “আইএফএটি ইণ্ডিয়া ২০২৫-এ বহনক্ষম আৰু ডিজিটেল পানীৰ আন্তঃগাঁথনিৰ ওপৰত ভাৰতৰ শক্তিশালী গুৰুত্ব পুনৰ নিশ্চিত কৰিছে।” আনহাতে, নৱী মুম্বাই পৌৰ নিগমৰ উপ অভিযন্তা স্বপ্নিল দেশাইয়ে এই বিষয়ে কয় যে, “আইএফএটি ইণ্ডিয়া ২০২৫ত মূল্যায়ন কৰা পানী, বর্জ্য পানী আৰু গোটা আৱৰ্জনাসমূহৰ সমাধানসমূহ সামগ্ৰিক পানী, বর্জ্য পানী আৰু আৱৰ্জনা ব্যৱস্থাপনাৰ দিশত এক সংহত পদ্ধতিৰ আমাৰ লক্ষ্যৰ সৈতে নিখুঁতভাৱে সংগতি ৰাখে।” এই অভিলেখ সৃষ্টিকাৰী সংস্কৰণৰ ওপৰত ভিত্তি কৰি ২০২৬ চনৰ ২২-২৪ এপ্ৰিলৰ পৰা আইএফএটি দিল্লী আৰু ২০২৬ চনৰ ৯–১১ ছেপ্টেম্বৰৰ পৰা আইএফএটি ইণ্ডিয়া ২০২৬ মুম্বাইত অনুষ্ঠিত হ’ব, যিয়ে ভাৰতৰ সেউজ আৰু অধিক বৃত্তাকাৰ অৰ্থনীতিৰ দিশত যাত্ৰা ত্বৰান্বিত কৰাৰ অভিযান অব্যাহত ৰাখিব।
