ভাৰতলৈ ইলিছৰ মাছৰ ৰপ্তানি বন্ধ কৰিলে বাংলাদেশ চৰকাৰে

272

অক্টোবৰত দুৰ্গা পূজাৰ সময়ত দেশবাসীয়ে, বিশেষকৈ পশ্চিম বংগৰ জনতাই তেওঁলোকৰ প্ৰিয় মাছ ইলিছৰ অভাৱৰ সন্মুখীন হ’ব পাৰে।দুৰ্গা পূজা হৈছে পশ্চিম বংগৰ আটাইতকৈ ডাঙৰ উৎসৱ, যাক লাখ লাখ লোকে উদযাপন কৰে। বাংলাদেশ হৈছে ইলিছ মাছৰ সৰ্ববৃহৎ উৎপাদক। এতিয়া ইলিছ মাছ বাংলাদেশৰ পৰা ভাৰতলৈ আহিব নোৱাৰিব কাৰণ তাৰ চৰকাৰে ইতিমধ্যে বিদ্যমান নিষেধাজ্ঞা কঠোৰ কৰি তুলিছে। বাংলাদেশত চৰকাৰ গঠন হোৱাৰ এমাহ পিছত, অন্তৱৰ্তীকালীন চৰকাৰে এই সিদ্ধান্ত লৈছে।

বাংলাদেশৰ মীন মন্ত্ৰালয়ৰ পৰামৰ্শদাতা ফৰিদা আখটাৰে কয়-চৰকাৰে প্ৰথমে স্থানীয় লোকসকলৰ বাবে প্ৰিয় মাছটোৰ সোৱাদ দিনলৈ চেষ্টা কৰি আছে। উল্লেখ্য যে ইলিছ হৈছে বাংলাদেশৰ ৰাষ্ট্ৰীয় মাছ। এই মাছ কেৱল ধনী আৰু মধ্যবিত্ত মানুহেহে ক্ৰয় কৰিব পাৰে। এই মাছটো দৰিদ্ৰলোকৰ আওতাৰ বাহিৰত। ফৰিদা আখটাৰে কয়-পূৰ্বৰ চৰকাৰে দুৰ্গা পূজাৰ সময়ত নিষেধাজ্ঞা উঠাই লৈছিল। চৰকাৰে নিষেধাজ্ঞা উঠাই লোৱাটো উপহাৰ হিচাপে দেখিছিল। মই নাভাবো যে আমি এইবাৰ ইয়াক এটা উপহাৰ দিয়াৰ প্ৰয়োজন নাই কিয়নো যদি আমি এনে কৰো তেন্তে আমাৰ মানুহে এই মাছটো খাব নোৱাৰিব।

বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী হাছিনাই উৎসৱৰ সময়ত ভাৰতত ইলিছ মাছৰ যোগান ৰখাৰ অনুমতি দিছিল।শ্বেখ হাছিনাই পূৰ্বে কেইবাবাৰো পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীলৈ ইলিছ মাছ প্ৰেৰণ কৰিছিল। ২০১৭ চনত, হাছিনাই ভাৰত আৰু বাংলাদেশৰ মাজত দীৰ্ঘদিনধৰি চলি অহা পানী বিবাদ সমাধানৰ আশাত ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীক ৩০ কিলো ইলিছ মাছ উপহাৰ দিছিল।