মণিপাল একাডেমী অৱ হায়াৰ এডুকেশ্যন (MAHE) ৰ উদ্যোগত অহা ১৪-১৬ ডিচেম্বৰলৈ শাৰীৰিক শিক্ষা আৰু ক্ৰীড়া বিজ্ঞানৰ ওপৰত এখন আন্তৰ্জাতিক সন্মিলন আয়োজন কৰা হৈছে। বিশ্বৰ বিভিন্ন দেশৰ বিশেষজ্ঞ আৰু গৱেষকসকলক একত্ৰিত কৰি শাৰীৰিক শিক্ষা আৰু ক্ৰীড়া বিজ্ঞান ক্ষেত্ৰখনৰ শেহতীয়া অগ্ৰগতি আৰু উন্নতিৰ বিষয়ে আলোচনা কৰাই হৈছে এই সন্মিলনৰ মূল লক্ষ্য। ICPESS ২০২৩ সন্মিলনে শিক্ষাবিদ, গৱেষক তথা অংশগ্ৰহণকাৰীসকলৰ বাবে কৌশল বা আৰ্হিৰ বিনিময় আৰু সহযোগিতা অন্বেষণৰ বাবে এখন মঞ্চ প্ৰদান কৰিব।
এই বিশেষ অনুষ্ঠানৰ প্ৰতি লক্ষ্য ৰাখি শেহতীয়াকৈ মণিপালৰ MAHEৰ ব’ৰ্ড ৰুমত ৱেবছাইট মুকলি অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত বিশিষ্ট ব্যক্তি ৰূপে উপস্থিত আছিল মণিপাল MAHEৰ উপাচাৰ্য ড০ এম ডি ভেংকটেশ, মণিপাল MAHEৰ প্ৰ’ উপাচাৰ্য ড০ শৰথ কে ৰাও, মণিপাল MAHEৰ পঞ্জীয়ক ড০ গিৰিধৰ কিনি, NAPESSৰ মুখ্য পৃষ্ঠপোষক ড০ পি চিন্নাপ্পা ৰেড্ডী, NAPESSৰ সভাপতি ড০ অনিল দেশমুখ, ICPESS ২০২৩ৰ আহ্বায়ক ড০ বিনোদ চি নায়ক আৰু ড০ দীপক ৰাম বেইৰী।
এই পদক্ষেপ সন্দৰ্ভত উল্লেখ কৰি মণিপাল একাডেমী অৱ হায়াৰ এডুকেশ্যনৰ উপাচাৰ্য লেফটেনেণ্ট জেনেৰেল ড০ এম ডি ভেংকটেশে কয় যে, “MAHE সমগ্ৰ বিশ্বৰ ভিন্ন প্ৰান্তৰ অংশগ্ৰহণকাৰীসকলক ব্যক্তিগতভাৱে নিজৰ ধাৰণা আৰু অভিজ্ঞতা সহকৰ্মী বা সম গোটৰ সৈতে ভাগ-বতৰা কৰাৰ সুযোগ প্ৰদান কৰা এক অনন্য মঞ্চ ভাগ-বতৰা কৰি যথেষ্ট গৌৰৱান্বিত।”
