আইচিআইচিআই বেংকৰ বানপীড়িত লোকসকলক সাহায্য প্ৰদান

591

আইচিআইচিআই বেংকে ঘোষণা কৰিছে যে ই অসমৰ বানপীড়িত লোকসকলক সাহায্য আৰু সহায় আগবঢ়াইছে।অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ (এএছডিএমএ) সৈতে আলোচনা কৰি, বেংকে বানপানীৰ দ্বাৰা গুৰুতৰভাৱে প্ৰভাৱিত নখন জিলাত ২ কোটি টকাৰ অত্যাৱশ্যকীয় খাদ্য আৰু অনা-খাদ্য সামগ্ৰী বিতৰণ কৰিছে। এই জিলাসমূহ হৈছে কাছাৰ, নগাঁও, ডিমা হাচাও, মৰিগাঁও, বৰপেটা, নলবাৰী, বজালী, গোৱালপাৰা আৰু ধুবুৰী।

আইচিআইচিআই বেংকে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী যেনে চাউল, মাহজাতীয় শস্য, সৰিয়হতেল আৰু ফুলা চাউল, আৰু অন্যান্য সামগ্ৰী যেনে পাকঘৰৰ বাচন-বৰ্তন প্ৰদান কৰিছে। বেংকে ক্ষতিগ্ৰস্ত ঘৰবোৰৰ চাল পুনৰ নিৰ্মাণৰ বাবে গেলভেনাইজড আইৰণ (জিআই) শ্বীটও প্ৰদান কৰিছে।এই পদক্ষেপসমূহৰ মিলিত প্ৰচেষ্টাই ১৩,০০০ ৰো অধিক পৰিয়ালক সমৰ্থন কৰিছে। জিলা প্ৰশাসনৰ সহযোগত, আইচিআইচিআই বেংকে ৪,৪৫০ কিলোগ্ৰাম ব্লিচিং পাউডাৰ, প্ৰায় ২,৭০০-লিটাৰ ফেনাইল, ৩,০০০ ষ্ট্ৰিপ ক্লোৰিন টেবলেট আৰু ১০০ সংখ্যাৰ স্প্ৰে মেচিন প্ৰদান কৰি বানপীড়িত অঞ্চলসমূহকো সমৰ্থন জনাইছে।

তত্বাৱধানত আইচিআইচিআই বেংকে জিলাখনৰ বানপীড়িত লোকসকলক চিকিৎসা সুবিধা প্ৰদানৰ বাবে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ সৈতে কাম কৰি আহিছে।এই প্ৰচেষ্টাত, আইচিআইচিআইয়ে দূৰৱৰ্তী স্থানত অ’পিডি ক্লিনিক পৰিচালনা কৰা আৰু ৰোগীসকলক জিলা চিকিৎসালয়লৈ লৈ যোৱাৰ বাবে ৬০ লাখ টকাৰ দুটা মোবাইল মেডিকেল ইউনিট (এমএমইউ) প্ৰদান কৰিছে। এই সাহায্য কাৰ্যকলাপবোৰ আইচিআইচিআই ফাউণ্ডেচন ফৰ ইনক্লুচিভ গ্ৰোথৰ জৰিয়তে ৰূপায়ণ কৰা হৈছে, যি হৈছে আইচিআইচিআই গোটৰ চিএছআৰ শাখা।