ইউপিআইত তৎক্ষণাত ক্ৰেডিট প্ৰদানৰ বাবে ফোনপেৰ সৈতে অংশীদাৰিত্ব ঘোষণা আইচিআইচিআই বেংকৰ

77

আইচিআইচিআই বেংকে ডিজিটেল পেমেণ্ট কোম্পানীসমূহৰ এপত নিজৰ পূৰ্ব-অনুমোদিত গ্ৰাহকসকলক ইউপিআইত তাৎক্ষণিক ক্ৰেডিট(ধাৰ) আগবঢ়োৱাৰ বাবে ই ফোনপেৰ সৈতে অংশীদাৰিত্বৰ কথা ঘোষণা কৰিছে। এই সহযোগিতাই আইচিআইচিআই বেংকৰ লাখ লাখ পূৰ্ব-অনুমোদিত গ্ৰাহকক ফোনপে এপত তাৎক্ষণিকভাৱে হ্ৰস্বম্যাদী ক্ৰেডিট লাইন সক্ৰিয় কৰিবলৈ আৰু ইয়াক ইউপিআই লেনদেনৰ বাবে এক নিৰৱচ্ছিন্ন আৰু সুৰক্ষিতভাৱে ব্যৱহাৰ কৰিবলৈ সক্ষম কৰি তোলে। বেংকে ৪৫ দিনৰ ৰিপেমেণ্টৰ সময়সীমাৰ সৈতে ২ লাখ টকাপৰ্যন্ত ইউপিআইত ক্ৰেডিট লাইন প্ৰদান কৰে। এই ফেষ্টিভ ছিজনত এই বিশেষ সুবিধা এইবাবেই আগবঢ়োৱা হৈছে যাতে গ্ৰাহকে ইলেক্ট্ৰনিকছ, ভ্ৰমণ আৰু হোটেলৰ বুকিং, বিল পৰিশোধ আৰু অন্যান্য বহুতো অধিক দামৰ টিকটৰ সামগ্ৰী ক্ৰয় কৰিব পাৰে।

আইচিআইচিআই বেংকৰ পৰিশোধ সমাধান বিভাগৰ সামগ্ৰী মুৰব্বী নীৰজ ত্ৰালছাৱালাই এই বিষয়ে কয় যে, “আমি আইচিআইচিআই বেংকত ফোনপেৰ সৈতে অংশীদাৰিত্ব কৰি লাখ লাখ গ্ৰাহকক ঋণৰ নিৰৱচ্ছিন্ন আৰু সহজ প্ৰৱেশ প্ৰদান কৰিবলৈ পাই অতিশয় আনন্দিত হৈছোঁ। ফেষ্টিভ ছিজনৰ এই সময়ছোৱাত আইচিআইচিআই বেংকৰ পূৰ্ব অনুমোদিত গ্ৰাহকে ফোনপেত নিজৰ ফেষ্টিভ শ্বপিং কৰাৰ প্ৰয়োজনীয়তাৰ বাবে ধন পৰিশোধ কৰিবলৈ ক্ৰেডিট লাইন নিমিষতে সক্ৰিয় কৰিব পাৰে।

নিৰৱচ্ছিন্ন ডিজিটেল ক্ৰেডিট প্ৰদানৰ লক্ষ্যৰে এই অফাৰে আমাৰ গ্ৰাহকৰ ব্যক্তিগত বেংকিং অভিজ্ঞতাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ সম্ভাৱনা আছে।” এই ক্ৰেডিট লাইন(ধাৰ লোৱা বিকল্প) বিভিন্ন ইউপিআই পেমেণ্ট এপ্লিকেচনত আন্তঃকাৰ্যকৰী আৰু গ্ৰাহকসকলক যিকোনো ইউপিআই পেমেণ্ট এপ ব্যৱহাৰ কৰি লেনদেন কৰাৰ সুবিধা প্ৰদান কৰে।