আইবিএমে হাইব্ৰিড ক্লাউড আৰু এআইত উদ্ভাৱনীমূলক সমাধানৰ বাবে আইআইটি বম্বে আৰু আইআইএছচি বেংগালুৰুৰ সৈতে গৱেষণা সহযোগিতা পুনৰ দৃঢ় কৰিছে। আইআইটি বম্বেই ভাৰতত এ আই গৱেষণাক আগুৱাই নিয়াৰ বাবে ২০১৮ চনত আইবিএম এ আই হৰাইজন নেটৱৰ্কত যোগ দিছিল আৰু ২০২১ চনত আইবিএম আৰু আইআইএছচি বেংগালুৰুৱে হাইব্ৰিড ক্লাউড প্ৰযুক্তিৰ গৱেষণা আগবঢ়াই নিবলৈ আৰু এই ক্ষেত্ৰত যুগান্তকাৰী উদ্ভাৱনক আগুৱাই নিবলৈ আইবিএম-আইআইএছচি হাইব্ৰিড ক্লাউড লেব মুকলি কৰিছিল।
আইবিএমে শিক্ষাৰ্থী, অধ্যাপক, আৰু উদ্যোগ গৱেষকৰ সৈতে সহযোগিতা কৰি উদ্ভাৱনক আগুৱাই লৈ গৈছে আৰু সমগ্ৰ পৃথিৱীতে সৃষ্টি হোৱা প্ৰত্যাহ্বানসমূহৰ ব্যৱহাৰিক সমাধান প্ৰদান কৰিছে। এই প্ৰকল্পৰ লক্ষ্য হৈছে প্ৰযুক্তি বৃদ্ধি কৰা আৰু অধিক উন্নত ভৱিষ্যতলৈ অৰিহণা যোগোৱা।
এই সহযোগিতাবোৰে প্ৰাকৃতিক ভাষা প্ৰক্ৰিয়াকৰণ, সময় শৃংখলাৰ বাবে মেচিন লাৰ্নিং, ভুৱা বাতৰি চিনাক্তকৰণৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা, হাইব্ৰিড ক্লাউড পৰিৱেশ আৰু বহনক্ষম কম্পিউটিং কৌশলৰ ওপৰত গুৰুত্ব আৰোপ কৰিব। সহযোগিতাবোৰৰ লক্ষ্য হৈছে জ্ঞানৰ সীমা অতিক্ৰম কৰি প্ৰযুক্তি বৃদ্ধি কৰাৰ বাবে নতুন পদ্ধতি অন্বেষণ কৰা আৰু অধিক কাৰ্যক্ষম ভৱিষ্যতৰ বাবে অৰিহণা যোগোৱা। সহযোগিতা সন্দৰ্ভত বক্তব্য ৰাখি আইবিএম ৰিচাৰ্ছ ইণ্ডিয়াৰ সঞ্চালক ড০ অমিত সিংঘীয়ে কয় যে, “আমি একেলগে নতুন দিগন্ত অন্বেষণ কৰিবলৈ আৰু জৰুৰী প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰিবলৈ চেষ্টা কৰিছোঁ, ভাৰতৰ গৱেষণা সম্প্ৰদায়ক স্পষ্ট প্ৰভাৱ সৃষ্টিত অৰিহণা আৰু সকলোৰে বাবে এক উজ্জ্বল ভৱিষ্যৎ গঢ়ি তুলিবলৈ সক্ষম কৰিবলৈ প্ৰয়াস কৰিছোঁ।”
