ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগ ( ডি এছ টি) ৰ অধীনস্থ স্বতন্ত্ৰৰীয় প্ৰতিষ্ঠান গুৱাহাটীৰ পশ্চিম বৰাগাওঁস্থিত ইনষ্টিটিউট অৱ এডভান্সড ষ্টাডি ইন ছায়েন্স এণ্ড টেকন’লজি চমুকৈ আই এ এছ এছ টিত তৃতীয় সৰ্বভাৰতীয় বৈজ্ঞানিক আৰু কাৰিকৰী চৰকাৰী ভাষা সন্মিলন আৰম্ভ হৈছে । বন্তি প্ৰজ্বলনৰে দুদিনীয়া কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ পাছত উপস্থিত সকলোকে আদৰণি জনাই আই এ এছ এছ টিৰ সঞ্চালক অধ্যাপক আশীষ কুমাৰ মুখাৰ্জীয়ে। এই উপলক্ষে অনুষ্ঠিত উদ্ধোধনী অনুষ্ঠানত ভাষণ প্ৰসংগত অধ্যাপক মুখাৰ্জীয়ে হিন্দীৰ জৰিয়তে বিজ্ঞানক প্ৰসাৰিত কৰাত গুৰুত্ব আৰোপ কৰি সন্মিলনৰ বৈজ্ঞানিক তাৎপৰ্যৰ বিষয়ে বিশদভাৱে উল্লেখ কৰে।
আনহাতে উদ্বোধনী অধিৱেশনত ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ যুটীয়া সচিব এ ধনলক্ষ্মী আৰু গুৱাহাটীস্থ কেন্দ্ৰীয় ৰূপায়ন কাৰ্যালয়ৰ উত্তৰ পূব মণ্ডলৰ সচিব ৰাজীৱ কুমাৰ নায়ক আৰু ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ উচ্চপদস্থ বিষয়াৰ এটা দল সন্মিলনত উপস্থিত আছিল। সন্মিলনত ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ অধীনৰ বিভিন্ন স্বায়ত্তশাসিত প্ৰতিষ্ঠানৰ প্ৰায় ৫০ জন বিজ্ঞানী, অভিযন্তা, গৱেষণা পণ্ডিতে ভাগ লৈছে। এই সন্মিলনৰ প্ৰধান উদ্দেশ্য আছিল হিন্দী ভাষাত বৈজ্ঞানিক জ্ঞানৰ প্ৰসাৰক প্ৰসাৰিত কৰা, ইয়াক সাধাৰণ জনতাৰ বাবে সহজ, সুলভ, আৰু আকৰ্ষণীয় কৰি তোলাৰ লগতে বৈজ্ঞানিক প্ৰতিষ্ঠানসমূহৰ মাজত ভাষিক সম্প্ৰীতি শক্তিশালী কৰা।
সন্মিলনত অংশগ্ৰহণকাৰীসকলে হিন্দী ভাষাত প্ৰায় ২৫খন গৱেষণা পত্ৰ উপস্থাপন কৰে। য’ত বৈজ্ঞানিক আৰু কাৰিকৰী যোগাযোগত চৰকাৰী ভাষাৰ প্ৰসাৰ আৰু ফলপ্ৰসূ ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। প্ৰথম দিনাৰ সামৰণি অনুষ্ঠানত ভাগ লৈ ভাষণত ডি এছ টিৰ জ্যেষ্ঠ বিষয়া অৰুণ কানছালে এই অনুষ্ঠানৰ সফলতাৰে আয়োজন কৰাৰ বাবে আই এ এছ এছ টি , আয়োজক সমিতি আৰু সন্মিলনৰ সমন্বয়ক অধ্যাপক দেৱাশীষ চৌধুৰীক প্ৰশংসনীয় প্ৰচেষ্টাৰ বাবে অভিনন্দন জনায়।
