ই ভি এমক বিশ্বাস কৰা নাছিলোঁ আৰু নকৰোঁ: অখিলেশ যাদৱ

39

লোকসভা অধিবেশনত ৰাষ্ট্ৰপতিৰ ভাষণৰ পিছত ধন্যবাদ প্ৰস্তাৱ সন্দৰ্ভত নিম্ন সদনত ভাষণ প্ৰদান কৰি সমাজবাদী পাৰ্টিৰ সভাপতি তথা সাংসদ অখিলেশ যাদৱে বিজেপি চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি লয়। অখিলেশ যাদৱে কয় যে ১৯৪৭ চনত ভাৰতে ঔপনিৱেশিক শাসনৰ পৰা মুক্তি লাভ কৰিছিল, কিন্তু ২০২৪ চনৰ ৪ জুনত ভাৰতে সাম্প্ৰদায়িক শাসনৰ পৰা মুক্তি লাভ কৰে।

অখিলেশ যাদৱে কয় যে তেওঁ পূৰ্বেও ইলেক্ট্ৰনিক ভোটিং মেচিনক বিশ্বাস কৰা নাছিল আৰু এতিয়াও নকৰে। উত্তৰ প্ৰদেশৰ ৮০ খন আসনৰ ভিতৰত আমাৰ দলে ৮০ খন আসন জিকিলেও আমি ইভিএমক বিশ্বাস নকৰোঁ। ইণ্ডিয়া মিত্ৰজোঁটে ই ভি এমৰ সৈতে নিৰ্বাচনত জয়ী হৈ ই ভি এম আঁতৰাব।

চৰকাৰে অগ্নিবীৰ আঁচনিৰ জৰিয়তে দেশৰ নিৰাপত্তাৰ সৈতে খেলিছে। যেতিয়াই ইণ্ডিয়া মিত্ৰজোঁট শাসনলৈ আহিব, অগ্নিবীৰ আঁচনিৰ সমাপ্তি ঘটাব। এতিয়া এই চৰকাৰৰ ইচ্ছাৰে নচলিব, কিন্তু জনসাধাৰণৰ ইচ্ছা চলিব বুলি কয়।