হুণ্ডাই মটৰ ইণ্ডিয়াই ১৫ অক্টোবৰত মুকলি কৰিব প্ৰাৰম্ভিক ৰাজহুৱা অফাৰ

57

হুণ্ডাই মটৰ ইণ্ডিয়া লিমিটেডে ২০২৪ৰ ১৫ অক্টোবৰত ইকুইটি শ্বেয়াৰৰ প্ৰাৰম্ভিক পাব্লিক অফাৰ (আই পি অ’) মুকলি কৰাৰ পৰিকল্পনা কৰিছে, এংকৰ ইনভেষ্টৰ(বিনিয়োগকাৰী)ৰ বাবে নিবিদা এদিন পূৰ্বে আৰম্ভ হ’ব। শ্বেয়াৰৰ মূল্যৰ পৰিসৰ ১৮৬৫ টকাৰ পৰা ১৯৬০ টকাৰ ভিতৰত নিৰ্ধাৰণ কৰা হৈছে আৰু ৭টা শ্বেয়াৰৰ বহুগুণত নিবিদা দিব পাৰিব।

এই আইপিঅ’ত প্ৰমোটাৰ হুণ্ডাই মটৰ কোম্পানীয়ে ১৪২,১৯৪,৭০০টা পৰ্যন্ত শ্বেয়াৰ বিক্ৰীৰ অফাৰ আগবঢ়াব। প্ৰতিষ্ঠানটোৱে এই অফাৰৰ পৰা কোনো লাভালাভ অৰ্জনৰ কথা ভবা নাই। এই আৱণ্টন যোগ্য প্ৰতিষ্ঠানৰ ক্ৰেতা, মিউচুৱেল ফাণ্ড, অনা-প্ৰতিষ্ঠানিক বিনিয়োগকাৰী আৰু খুচুৰা ব্যক্তিগত বিনিয়োগকাৰীসকলৰ মাজত বিভক্ত কৰা হ’ব, প্ৰতিটো শ্ৰেণীৰ বাবে নিৰ্দিষ্ট শতাংশ নিৰ্ধাৰণ কৰা হৈছে।

এই শ্বেয়াৰসমূহ বিএছই আৰু এনএছইত তালিকাভুক্ত কৰা হ’ব। এই অফাৰৰ নেতৃত্বত আছে কোটাক মহিন্দ্ৰা, চিটিগ্ৰুপ, এইচএছবিচি, জে পি মৰ্গান আৰু মৰ্গান ষ্টেনলী ইত্যাদি।