ব্ৰহ্মপুত্ৰৰ মাজত থকা গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা ৰাজহ চক্ৰ এলেকাৰ কৃষি প্ৰধান অঞ্চল হিচাপে পৰিচিত আৰু সমষ্টি পুনৰ গঠনৰ পাছত জালুকবাৰী বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হোৱা ধাৰাপুৰৰ সমীপৰ ৰাণী চাপৰিলৈ কৃষক ৰাইজৰ যাতায়াতৰ সুব্যবস্থা, বিদ্যুৎ সংযোগ স্থাপনৰে আলোকিত কৰাৰ বাবে বিগত ২০২৫ বৰ্ষত ভোগালী বিহুৰ সময়ত কৰা ঘোষণা অনুসৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ তৎপৰতাত খৰালি কালত ৰাণী চাপৰিলৈ কৃষক ৰাইজৰ যাতায়াতৰ সুবিধাৰ বাবে ব্ৰহ্মপুত্ৰৰ ওপৰত প্ৰায় ডেৰ কোটি টকা ব্যয়ৰে ২৫০ মিটাৰ দৈৰ্ঘ্যৰ এখন ভাসমান দলং নিৰ্মাণৰ কাম সমাপ্ত হৈছে। একেদৰে প্ৰায় চাৰে ছয় কোটি টকা ব্যয়ৰে ৰাণী চাপৰিত বিদ্যুৎ সংযোগ দিয়াৰ বাবে যুদ্ধকালীন ক্ষিপ্ৰতাৰে কাম চলি আছে । উল্লেখ্য যে বিগত ২০২৫ বৰ্ষৰ ৭ মাৰ্চৰ দিনা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কেবা হাজাৰ লোকৰ উপস্থিতিত মাংগলিক কাৰ্যৰ মাজেৰে ব্ৰহ্মপুত্ৰৰ পাৰৰ ধাৰাপুৰৰ ধোপৰতল ঘাটত দুয়োখন আঁচনিৰ আধাৰশিলা স্থাপন কৰিছিল । তাৰ পূৰ্বে ১৪ জানুৱাৰীত ভোগালী বিহুৰ দিনা প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাণী চাপৰিত উপস্থিত হৈ প্রায় দুই ঘণ্টা ধৰি কৃষিক্ষেত্ৰ পৰিদৰ্শন কৰাৰ লগতে কৃষিকৰ্ম কৰি জীৱিকা নিৰ্বাহ কৰি অহা চাৰি শতাধিক কৃষকৰ সমস্যাৰ বুজ লোৱাৰ লগতে মত-বিনিময় কৰিছিল।
ইফালে ৭ মাৰ্চত দুয়োখন আঁচনিৰ আধাৰশিলা স্থাপন কৰি এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত ভাগ লৈ মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কৈছিল যে ৰাণী চাপৰিৰ কৃষক ৰাইজৰ সুবিধাৰ হকে বিশেষকৈ খৰালিৰ সময়ত কৃষিজাত সামগ্ৰী কঢ়িয়াই অনা নিয়াৰ বাবে দুই-তিনি টন ওজন ক্ষমতা সম্পন্ন এখন ভাসমান দলং ২০২৬ চনৰ পূৰ্বেই নিৰ্মাণ কৰা হ’ব । যদিহে কৃষকে বিচাৰে, তেন্তে কিছু নিলগত আন এখন ভাসমান দলং নিৰ্মাণৰ ব্যবস্থা কৰা হ’ব । আনহাতে প্ৰথম ভাসমান দলংখনৰ নিৰ্মাণ কাৰ্য মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা ধৰণে বিগত ডিচেম্বৰ মাহৰ ভিতৰতে সমাপ্ত কৰা হৈছে । এতিয়া কৃষক ৰাইজে দ্বিতীয়খন দলং নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ বাবে দাবী জনাইছে । যাতে দুই মূৰৰ পৰা কৃষক ৰাইজ অহা যোৱা কৰিব পাৰে । আনহাতে দলং নিৰ্মাণৰ দায়িত্বত থকা লোক নিৰ্মাণ পথ বিভাগৰ অভিযন্তাই সদৰি কৰা অনুসৰি বাৰিষাৰ সময়ত পানীৰ সোঁত প্ৰতি ছেকেণ্ডত তিনি মিটাৰ থাকিলে দলংখন খুলি থোৱা হ’ব । বছৰৰ আঠ মাহ দলংখন কাৰ্যক্ষম হৈ থাকিব । পৰৱৰ্তী সময়ত দলংখনেৰে দুচকীয়া আৰু তিনিচকীয়া বাহন চলাচলৰ ব্যৱস্থা কৰা হব । সম্প্ৰতি কাৰিকৰী আৰু সুৰক্ষাজনিত কাৰণত দলংখনত কেৱল খোজ কাঢ়িহে অহা যোৱা কৰাৰহে অনুমতি দিয়া হৈছে । ইতিমধ্যে প্ৰথমবাৰৰ বাবে নিৰ্মাণ কৰা ভাসমান দলংখনত খোজ কাঢ়ি ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক সৌন্দৰ্য্য উপভোগ কৰিবলে পুৱাৰ পৰা সন্ধিয়ালৈ শ শ লোকৰ সমাগম হোৱা পৰিলক্ষিত হৈছে । অৱশ্যে দ্বিতীয়খন ভাসমান দলং নিৰ্মাণ কৰা হোৱা নাই বাবে সম্পূৰ্ণ ৰাণী চাপৰিলৈ যাব নোৱাৰি আধাৰ পৰা উভতি আহিব লগা হৈছে।
তদুপৰি ৰাণী চাপৰিলৈ বিদ্যুৎ সংযোগ ব্যবস্থাৰ বাবে আঠ কিলোৱাট উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰ সংযোজন কৰা কাম সম্প্ৰতি যুদ্ধকালীন তৎপৰতাৰে চলি আছে। বৰ্তমান পাঁচটা ৬৩ কে ভি আৰু পাঁচটা ২৫ কে ভি ক্ষমতাযুক্ত ট্ৰেন্সফাৰ্মাৰ বহুওৱা কাম চলি আছে। অসম শক্তি বিতৰণ কোম্পানী লিমিটেড ( এ পি ডি চি এল ) ৰ এক সূত্ৰই সদৰি কৰা অনুসৰি এই আঁচনিখনে ৰাণী চাপৰিত চাৰি শতাধিক কৃষক ৰাইজক উপকৃত কৰিব । আনহাতে ধাৰাপুৰ গাঁওৰ গাঁওবুঢ়া ধৰ্মকান্ত কলিতা, ৰাণী চাপৰিৰ গাঁওবুঢ়া মনু দাস, গড়ল গাঁওৰ গাঁওবুঢ়া ভূপেন বৰুৱা, ৰাণী চাপৰি কৃষক সেৱা সমিতিৰ সভাপতি লোহিত কলিতা, সম্পাদক অক্ষয় কলিতাই কৃষক ৰাইজৰ সুবিধাৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ৰাণী চাপৰিক সম্পূৰ্ণ সংযোগ কৰাৰ বাবে শীঘ্ৰেই দ্বিতীয়খন ভাসমান দলং নিৰ্মাণৰ কাম আৰম্ভ কৰিবলৈ অনুৰোধ জনাইছে । যাতে কৃষকসকলে নিজৰ উৎপাদিত সামগ্ৰী সহজতে বজাৰলৈ অনা নিয়া কৰিব পাৰে।
