ডাঃ নগেন্দ্ৰা এছ চৌহান, জ্যেষ্ঠ পৰিচালক, ইণ্টাৰভেনচনেল কাৰ্ডিঅ’লজী, মেদাণ্ট-দ্য মেডিচিটী, গুৰুগ্ৰাম
বাৰিষাৰ সময়ছোৱাই উত্তৰ-পূৰ্বাঞ্চললৈ এক অনন্য আৰু নান্দনিক সৌন্দৰ্য্য কঢ়িয়াই আনে, য’ত বৰষুণে ভূ-প্ৰকৃতিত নতুন জীৱন আনি দিয়ে, ইয়াক এক ৰসাল, সেউজীয়া আশ্ৰয়স্থললৈ ৰূপান্তৰিত কৰে। কিন্তু বাৰিষাই বিশেষকৈ পূৰ্বতে হৃদযন্ত্ৰৰ সমস্যা থকা ব্যক্তিৰ বাবে পৰিৱেশ আৰু স্বাস্থ্য সম্পৰ্কীয় কেইবাটাও প্ৰত্যাহ্বানৰ সৃষ্টি কৰে।
বাৰিষাৰ সময়ছোৱাত স্বাস্থ্যৰ প্ৰাথমিক প্ৰত্যাহ্বানসমূহৰ ভিতৰত অন্যতম হ’ল সংক্ৰামক ৰোগৰ বৃদ্ধি। অবিৰত আৰ্দ্ৰতাই মাইক্ৰ’বায়েল বৃদ্ধিৰ বাবে এক অনুকূল পৰিৱেশ সৃষ্টি কৰে, যাৰ ফলত ইনফ্লুৱেঞ্জা, সাধাৰণ পানীলগা জ্বৰ আৰু গেষ্ট্ৰ’এণ্ট্ৰাট্ৰাইটিছৰ দৰে পাকস্থলীৰ ৰোগ আদিৰ সংক্ৰমণ অধিক হোৱা দেখা যায়। যদিও এই সংক্ৰমণবোৰ সাধাৰণতে সুস্থ ব্যক্তিসকলৰ ক্ষেত্ৰত স্ব-সীমিত হয়, হৃদযন্ত্ৰৰ ৰোগত আক্ৰান্ত ৰোগীসকলৰ বাবে এইবোৰ যথেষ্ট বেছি বিপদজনক হ’ব পাৰে।
এনে ব্যক্তিসকলৰ ক্ষেত্ৰত সংক্ৰমণে প্ৰণালীবদ্ধ প্ৰদাহ(ইনফ্লেমেটৰী)জনিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে, বিপাকীয় চাহিদা বৃদ্ধি কৰিব পাৰে আৰু মায়’কাৰ্ডিয়ামৰ ওপৰত অতিৰিক্ত হেঁচা আনি দিব পাৰে। ইয়াৰ ফলত পূৰ্বৰে পৰা থকা অৱস্থা যেনে হৃদযন্ত্ৰৰ বিকলতা বৃদ্ধি পাব পাৰে, এৰিথমিয়া হ’ব পাৰে অথবা বিৰল কিন্তু গুৰুতৰ ক্ষেত্ৰত-মায়’কাৰ্ডিয়েল ইনফাৰ্কচনৰ দৰে তীব্ৰ ক’ৰ’নাৰী লক্ষণে দেখা দিব পাৰে।
গ্ৰীষ্মকালীন ঋতুত তাপমাত্ৰাৰ আকস্মিক সালসলনি হৈছে বাৰিষাৰ সময়ত আন এক উল্লেখযোগ্য হৃদযন্ত্ৰৰ চাপ। দ্ৰুততাৰে পৰিৱেশ শীতল হোৱাৰ ফলত ভেছকনষ্ট্ৰিকচযন হ’ব পাৰে, আনহাতে আকস্মিক উষ্ণতা বৃদ্ধিৰ ফলত ভেছডিলেচন হ’ব পাৰে। এই উত্থান-পতনৰ ফলত ৰক্তচাপৰ অস্থিৰতা হ’ব পাৰে, বিশেষকৈ উচ্চ ৰক্তচাপ থকা ৰোগীৰ ক্ষেত্ৰত এনে দেখা যায়। এনে হেমোডাইনেমিক বৈচিত্ৰ্যই ষ্ট্ৰোক, হাৰ্ট এটেক আৰু অন্যান্য প্ৰতিকূল কাৰ্ডিঅ’ভাস্কুলাৰ ঘটনাৰ আশংকা বৃদ্ধি কৰে।
ইয়াৰ লগতে উচ্চ আৰ্দ্ৰতাই ঘাম বাষ্পীভৱনৰ ফলপ্ৰসূতা হ্ৰাস কৰে, তাপ নিয়ন্ত্ৰণত বাধা জন্মায় আৰু সম্ভাৱ্যভাৱে শ্বাস-প্ৰশ্বাসৰ দক্ষতা হ্ৰাস কৰে। ইয়াৰ ফলত হোৱা হাইপক্সিয়াই হৃদযন্ত্ৰৰ ওপৰত অধিক বোজা পেলাব পাৰে, কিয়নো ই কলাবোৰলৈ পৰ্যাপ্ত পৰিমাণে অক্সিজেন প্ৰদানৰ চেষ্টা কৰে।
বাৰিষা ঋতুৱে শাৰীৰিক কাম-কাজ হ্ৰাস কৰাত অৰিহণা যোগায়, কিয়নো বাহিৰৰ চলাচল সীমিত হৈ পৰে। বহি থকা আচৰণ হৃদ ৰোগৰ বাবে এটা সু-নথিভুক্ত বিপদজনক কাৰক। ইয়াৰ লগতে ভজা, উচ্চ কেলৰিযুক্ত মুখৰোচক খাদ্য, যেনে পকৰি বা চিঙৰা খোৱাৰ প্ৰৱণতা যদিহে থাকে, যিবোৰত প্ৰায়ে ট্ৰেন্স ফেট, ছডিয়াম আৰু ৰিফাইন কাৰ্বহাইড্ৰেট থাকে। এই খাদ্যাভ্যাসে ৰক্তচাপ, কলেষ্টেৰলৰ মাত্ৰা আৰু শৰীৰৰ ওজন বৃদ্ধি কৰিব পাৰে — এই সকলোবোৰে হৃদযন্ত্ৰৰ বিপদ বৃদ্ধি কৰাত অৰিহণা যোগায়।
বাৰিষাত স্থায়ী ডাৱৰৰ আৱৰণ আৰু সূৰ্যৰ পোহৰ কমি যোৱাটোৱেও মানসিক স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। বৰষুণৰ বতৰত সূৰ্যৰ পোহৰৰ অভাৱে চাৰ্কেডিয়ান ছন্দত ব্যাঘাত জন্মায় আৰু চেৰ’টনিনৰ মাত্ৰা হ্ৰাস কৰে, যিয়ে ঋতুভিত্তিক আৱেগিক বিকাৰ (এছএডি)ৰ সূচনা বা নেতিবাচক হ’ব পাৰে। তদুপৰি ঘৰৰ ভিতৰত আৱদ্ধ হৈ থকা আৰু ৰুটিনত ব্যাঘাত জন্মালে অধিক উদ্বেগ বা হতাশাজনক পৰিস্থিতিৰ বাবে বেছিকৈ উদঙণি দিব পাৰে।
দীৰ্ঘস্থায়ী(আৱেগিক অথবা শাৰীৰিক) চাপ, সহানুভূতিশীল স্নায়ুতন্ত্ৰৰ কাৰ্য-কলাপ বৃদ্ধি, উচ্চ কৰ্টিচলৰ স্তৰ আৰু উচ্চ এনফ্লেমেটৰী মাৰ্কাৰ আদিৰ সৈতে সম্পৰ্কিত-এই সকলোবোৰ হৃদ ৰোগৰ উচ্চ বিপদাশংকাৰ সৈতে জড়িত।
এই বিপদাশংকাৰ প্ৰতি লক্ষ্য ৰাখি, বিশেষকৈ হৃদযন্ত্ৰৰ সমস্যাত ভুগি থকা লোকসকলে সক্ৰিয়ভাৱে কিছুমান স্বাস্থ্য ব্যৱস্থা অনুসৰণ কৰিব লাগিব:
সংক্ৰমণ প্ৰতিৰোধৰ বাবে হাত দুখনৰ যথেষ্ট পৰিষ্কাৰ-পৰিচ্ছন্নতা
বিশেষকৈ হৃদৰোগ থকা ব্যক্তিৰ বাবে চিকিৎসকৰ পৰামৰ্শ অনুসৰি ইনফ্লুৱেঞ্জা বা নিউমোক’কেলৰ প্ৰতিষেধক
যিবোৰ খাদ্যৰ সংসাধন কৰা হয়, অত্যধিক ছডিয়াম থাকে অথবা অস্বাস্থ্যকৰ চৰ্বি থাকে (তেল, যিবোৰ বাৰে বাৰে পুনৰ গৰম কৰা হয়), তেনে খাদ্যসমূহ পৰিহাৰ কৰা।
যিকোনো বতৰত শাৰীৰিক কাৰ্য-কলাপ অব্যাহত ৰখা
নিয়মিতভাৱে ৰক্তচাপ নিৰীক্ষণ কৰা (সপ্তাহত অন্ততঃ এবাৰ)
বিশুদ্ধ, গৰম কৰা, ফিল্টাৰ কৰা পানী সেৱন কৰি পৰ্যাপ্ত হাইড্ৰেচন নিশ্চিত কৰা
বাৰিষাৰ সময়খিনি সুন্দৰ যদিও পাৰিপাৰ্শ্বিক আৰু স্বাস্থ্য সম্পৰ্কীয় কাৰকসমূহৰ এক জটিল আন্তঃক্ৰিয়াই দেখা দিয়ে, যিয়ে হৃদযন্ত্ৰৰ বিপদাশংকা বৃদ্ধি কৰিব পাৰে। সতৰ্কতা, ৰোগীৰ সজাগতা আৰু প্ৰতিৰোধমূলক যত্নৰ জৰিয়তে এই ঋতুৰ প্ৰতিকূল স্বাস্থ্য প্ৰভাৱসমূহ উল্লেখযোগ্যভাৱে হ্ৰাস কৰিব পাৰি।
