নিউজউইকে একেৰাহে ৬ বছৰ ধৰি ভাৰতৰ শ্ৰেষ্ঠ ব্যক্তিগত চিকিৎসালয় হিচাপে স্থান প্ৰদান কৰা গুৰগাঁওস্থিত মেদাণ্ট–দ্য মেডিচিটিয়ে জটিল কৰ্কট ৰোগ আৰু বিনাইন টিউমাৰৰ চিকিৎসাৰ বাবে চাইবাৰনাইফ ৰেডিঅ’চাৰ্জাৰীৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে নাগালেণ্ডৰ ৰাজধানী চহৰ কহিমাত এক অবিৰত স্বাস্থ্য শিক্ষা (চিএমই) অনুষ্ঠানৰ আয়োজন কৰে।
মেদাণ্টৰ ৰেডিয়চন অংক’লজী বিভাগৰ অধ্যক্ষ ডাঃ তেজিন্দৰ কাটাৰিয়াৰ নেতৃত্বত অনুষ্ঠিত এই অনিষ্ঠানত চাইবাৰনাইফক উচ্চ নিখুঁত আৰু নূন্যতম পাৰ্শ্বক্ৰিয়াৰ সৈতে তেজবিহীন, বিষহীন চিকিৎসা প্ৰদান কৰা ৰবটিক ৰেডিঅ’চাৰ্জাৰী ব্যৱস্থা হিচাপে আলোকপাত কৰা হয়। বিশেষকৈ অলিগ’মেটাষ্টেটিক কেন্সাৰ আৰু জটিল অৱস্থাত চিনাক্ত হোৱা টিউমাৰৰ বাবে ই ফলপ্ৰসূ, মাত্ৰ ১–৭টা ছেচনত অনুকূল ৰেডিয়েচনৰ মাত্ৰা প্ৰদান কৰে।
২০২২ চনত ভাৰতত ১৪.৬ লাখতকৈ অধিক নতুন কৰ্কট ৰোগীয়ে জীৱন-মৃত্যুৰে যুঁজ দিয়াৰ সমান্তৰালভাৱে ২০২৫ চনৰ শেষলৈ ১২.৮% বৃদ্ধিৰ অনুমান কৰা মেদাণ্টই আগতীয়াকৈ পদক্ষেপ হাতত লোৱাত গুৰুত্ব আৰোপ কৰিছে, বিশেষকৈ নাগালেণ্ডত, য’ত কৰ্কট ৰোগ মৃত্যুৰ শীৰ্ষ পাঁচটা কাৰণৰ ভিতৰত অন্যতম ৰূপে চিহ্নিত হৈছে।
মেদাণ্টই গুৱাহাটীৰ জি এছ ৰোডৰ মথুৰা নগৰস্থিত ছানভেলি হাস্পতালত এক মাল্টি স্পেচিয়েলিটী অ’পিডিৰ জৰিয়তে নিজৰ উপস্থিতিৰ সম্প্ৰসাৰণ কৰিছে। গুৱাহাটী উত্তৰ-পূবৰ বাবে এক প্ৰধান স্বাস্থ্যসেৱা কেন্দ্ৰ হিচাপে বিকশিত হোৱাৰ সমান্তৰালভাৱে এই পদক্ষেপে অসম তথা চুবুৰীয়া ৰাজ্যসমূহত উন্নত কৰ্কট ৰোগৰ সমাধানৰ বৰ্ধিত চাহিদা পূৰণ কৰিছে।
মেদাণ্টৰ অধ্যক্ষ ডাঃ নৰেশ ত্ৰেহানে আঞ্চলিক স্বাস্থ্যসেৱাৰ ব্যৱধান দূৰ কৰাৰ বাবে চিকিৎসালয়খনৰ প্ৰতিশ্ৰুতিৰ কথা পুনৰ দোহাৰে, যাৰ জৰিয়তে নিম্ন সেৱাতে জীৱন বৰ্তি থকা সম্প্ৰদায় বা লোকসকলৰ অত্যাধুনিক যত্ন নিশ্চিত হয়।
