মৌ ৰস বা মৌ হৈছে এক প্ৰাকৃতিক মিঠা বস্তু, যি মৌমাখিৰ পৰা পোৱা যায়। ইয়াৰ বহুতো স্বাস্থ্য উপকাৰিতা আছে আৰু ইয়াক আয়ুৰ্বেদিক ঔষধ হিচাপেও ব্যৱহাৰ কৰা হয়। মৌ ৰস বিভিন্ন পুষ্টিগুণেৰে সমৃদ্ধ আৰু ই শৰীৰৰ বাবে উপকাৰী। ঔষধ হিচাপে মৌৰসৰ ব্যৱহাৰ অতি প্ৰাচীন কালৰে চলি আহিছে৷ ভাৰতীয় আয়ুৰ্বেদতো মৌৰসৰ ঔষধি গুণ আৰু তত্ত্বৰ বিষয়ে শুনি আছিছো ৷ মৌৰসক ইংৰাজীত Honey বুলি কোৱা৷ মৌৰস মৌমাখিৰ পৰাগৰেণু আৰু মৌ মাখিয়ে ফুলৰ পৰা সংগ্ৰহ কৰা ৰসৰ এক দীৰ্ঘ প্ৰক্ৰিয়াৰ অন্তত প্ৰস্তুত হয়৷মৌ ৰসৰ নিয়মিত ব্যৱহাৰ আমাৰ মানৱ শৰীৰৰ বাবে অতি উপকাৰী কিন্তু মৌ ৰস খাদ্য হিচাপে ব্যৱহাৰ কৰাতকৈ ঔষধ হিচাপে ব্যৱহাৰ কৰাটো বেছি উত্তম বুলি কব পাৰি ৷ ব্যৱহাৰ কৰাৰ আগতে নিশ্চিত কৰি ল’ব যে মৌ ৰসখিনি খোৱাৰ বাবে সম্পূর্ণ উপযোগী ৷মৌৰসৰ নিয়মিত ব্যৱহাৰ আমাৰ মানৱ শৰীৰৰ বাবে অতি উপকাৰী কিন্তু মৌৰস খাদ্য হিচাপে ব্যৱহাৰ কৰাতকৈ ঔষধ হিচাপে ব্যৱহাৰ কৰাটো বেছি উত্তম বুলি কব পাৰি। মৌৰস ব্যৱহাৰ কৰাৰ আগতে নিশ্চিত কৰি ল’ব যে মৌৰসখিনি খোৱাৰ বাবে সম্পূর্ণ উপযোগী।
মৌৰসৰ উপকাৰিতাৰ বিষয়ে জানো আহক:-বৰ্তমান বাৰিষাৰ ফলত বতৰ খুবেই ঠাণ্ডা হৈ পৰিছে যাৰ ফলত কাহ,চৰ্দি, এলাৰ্জী আজি যথেষ্ট বৃদ্ধি পাইছে ৷ সেয়ে যদি আপোনাৰ বহুদিন কাঁহ হৈ আছে আৰু আপুনি ভাল পোৱা নাই তেনেস্থলত মৌ ৰস তুলসী পাতৰ ৰসৰ লগত সেৱন কৰিলে যথেষ্ট সুফল পোৱা যায় ৷ মৌ ৰসত থকা এণ্টিবেক্টেৰিয়েল গুণে সংক্ৰমণক ৰোধ কৰাৰ লগতে ডিঙিত জমা হৈ থকা কফ নোহোৱা কৰে ৷ ইয়াৰ বাবে আপুনি ৰাতি শুৱাৰ আগত এগিলাচ গৰম পানীত দুচামুচ মৌ ৰস মিহলাই খাব লাগে নাইবা মৌ ৰসৰ লগত আদা মিহলাও খাব পাৰে ৷ লগতে মৌ সৈতে আদা খোৱাৰো অনেক উপকাৰিতা আছে, দিনে দুবাৰকৈ গৰম পানীৰ সৈতে ইয়াক সেৱন কৰিলে আপুনি বিভিন্ন ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰিব । আদাৰ সোৱাদে ডিঙিৰ বিষ কমোৱাত সহায় কৰে । আদা খালে আপোনাৰ ডিঙিত জমা হৈ থকা কফবোৰ বাহিৰ হোৱাত সহায় কৰিব ৷শৰীৰৰ কোনোবা অংশত কাটিলে নাইবা জ্বলা-পোৰা কৰিলে সেই অংশত মৌৰস লগালে সুফল পোৱা যায়। মৌৰসত থকা এণ্টিচেপ্তিক গুণে ছালৰ কটা অংশক সোনকালে শুকুৱাত সহায় কৰে আৰু সংক্ৰমণৰ পৰা বচায়।মৌ ৰসত যথেষ্ট পৰিমানৰ এণ্টিঅক্সিডেণ্ট থাকে যি আমাৰ হৃদয়ৰ বাবে অতি উপযোগী ৷ হৃদযন্ত্রৰ লগত জড়িত বহুধৰণৰ ৰোগৰ পৰা ৰক্ষা কৰাত মৌ ৰসে যথেষ্ট সহায় কৰে লগতে ই আমাৰ প্রতিৰোধ প্ৰক্ৰিয়াটোক সুস্থ সবল কৰি ৰাখে ৷ হজম শক্তি বঢ়াবলৈ নিতৌ দুচামুচ মৌ ৰস এগিলাচ গাখীৰৰ লগত সেৱন কৰিলে সুফল পোৱা যায় ৷
