২২ বছৰত ৩ কোটি এক্টিভা বিক্ৰীৰ মাইলৰ খুঁটি অতিক্ৰম হোণ্ডা মটৰ চাইকেল ব্ৰেণ্ডৰ

285

ভাৰতৰ ১নং বিক্ৰী হোৱা স্কুটাৰ ব্ৰেণ্ড ‘এক্টিভা’ই ৩ কোটি গ্ৰাহকৰ সীমা অতিক্ৰম কৰিছে। হোণ্ডা মটৰ চাইকেল এণ্ড স্কুটাৰ ইণ্ডিয়াৰ এই ঘোষণাৰ লগে লগে ভাৰতীয় দুচকীয়া বাহন উদ্যোগত আন এক ঐতিহাসিক মাইলৰ খুঁটিৰ সৃষ্টি হৈছে। এই ঈৰ্ষান্বিত সাফল্যই ভাৰতীয় স্কুটাৰ বজাৰত এইচএমএছআইৰ প্ৰভাৱশালী স্থিতি আকৌ এবাৰ প্ৰমাণ কৰিলে। যি ব্ৰেণ্ডে ভাৰতলৈ অত্যাধুনিক, নিৰ্ভৰযোগ্য আৰু সৰ্বোত্তম মানদণ্ডৰ দুচকীয়া বাহনৰ গতিশীলতা প্ৰদানৰ ক্ষেত্ৰত নিজৰ অটল নিষ্ঠা আৰু সমৰ্পণ প্ৰদৰ্শন কৰে।

২০০১ চনত শুভাৰম্ভ কৰা হৈছিল হোণ্ডা এক্টিভাৰ। হোণ্ডা এক্টিভাৰ আগমনে অত্যাধুনিক প্ৰযুক্তি, উৎকৃষ্ট প্ৰদৰ্শন আৰু অতুলনীয় নিৰ্ভৰযোগ্যতাৰে ভাৰতীয় দুচকীয়া বাহনৰ বজাৰখনত এক বৈপ্লৱিক পৰিৱৰ্তন আনিছিল। ভাৰতৰ লাখ লাখ লোকৰ বাবে ই প্ৰথম পছন্দ হৈ পৰিছে। হোণ্ডা এক্টিভাই ২২ বছৰীয়া যাত্ৰাত অসংখ্য মাইলৰ খুঁটি অৰ্জন কৰিবলৈ সক্ষম হৈছে। মাত্ৰ ৩ বছৰৰ ভিতৰতে ভাৰতীয় স্কুটাৰ ছেগমেণ্টত শীৰ্ষস্থান লাভ কৰিছে হোণ্ডা এক্টিভাই। ইয়াৰ লগতে মাত্ৰ দুবছৰৰ ভিতৰতে ১০ লাখ ক্ৰমবৰ্ধমান গ্ৰাহকৰ কাষ চাপিবলৈ সক্ষম হৈছে হোণ্ডা এক্টিভাই। উল্লেখ্য যে, যোৱা ১৫ বছৰত ১ কোটি গ্ৰাহকৰ মাইলৰ খুঁটি অৰ্জন কৰিছে এই ব্ৰেণ্ডটোৱে।

ভাৰতৰ স্কুটাৰ বজাৰক নেতৃত্ব বহন কৰি থকা ব্ৰেণ্ডটোৱে আজিৰ তাৰিখত অধিকাংশ ভাৰতীয় পৰিয়ালৰ বাবে পছন্দৰ বাহন হিচাপে পৰিগণিত হৈছে হোণ্ডা এক্টিভা। আনহাতে, মাত্ৰ ৭ বছৰতে ব্ৰেণ্ডটোৱে ২ কোটি গ্ৰাহকক আকৰ্ষণ কৰি নিজৰ পৰিয়ালৰ অংশীদাৰ কৰিছে। যাৰ ফলত হোণ্ডা এক্টিভাৰ বৃদ্ধিৰ হাৰ দুগুণ বৃদ্ধি পাইছে। ব্ৰেণ্ডটোৰ এই ঐতিহাসিক মাইলৰ খুঁটিত উপনীত হোৱাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি হোণ্ডা মটৰ চাইকেল এণ্ড স্কুটাৰ ইণ্ডিয়াৰ প্ৰেচিডেণ্ট, চিইঅ’তথা মেনেজিং ডাইৰেক্টৰ চুটছুমু অটানিয়ে কয় যে, “এইচএমএছআইয়ে আমাৰ গ্ৰাহকসকলক সদায়ে ব্যতিক্ৰমী মূল্য আৰু সেৱা প্ৰদান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে।”