নলবাৰীত ৰাষ্ট্ৰীয় পথ সুৰক্ষা সজাগতা অভিযানৰ আয়োজন কৰে হোণ্ডাই

597

ভাৰতত নিৰাপদ বাহন চালনাৰ অভ্যাসৰ সংস্কৃতি গঢ়ি তোলাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি হোণ্ডা মটৰ চাইকেল এণ্ড স্কুটাৰ ইণ্ডিয়াই নলবাৰীত ৰাষ্ট্ৰীয় পথ সুৰক্ষা সজাগতা অভিযানৰ নেতৃত্ব লৈছে। হোণ্ডাই বিশ্বজুৰি পথ সুৰক্ষাক অগ্ৰাধিকাৰ দিয়ে। ইয়াৰ অংশ ৰূপে নলবাৰী কলেজত নিৰাপদ ৰাইডিং পদ্ধতিৰ প্ৰচাৰ কৰে। বিভিন্ন বয়স অনুসৰি পৃথক পৃথক শিক্ষণ কাৰ্যসূচী গ্ৰহণ কৰি প্ৰায় ১,৮০০ৰো অধিক ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰীৰ মাজত সজাগতা বৃদ্ধি কৰে প্ৰশিক্ষকসকলে, যাৰ ফলত গাড়ী চলোৱাৰ নিৰাপদ পৰিৱেশ সুনিশ্চিত হয়।

বৈজ্ঞানিকভাৱে ডিজাইন কৰা শিক্ষণ মডিউল, ভাৰ্চুৱেল ৰাইডিং চিমুলেটৰৰ ওপৰত ব্যৱহাৰিক প্ৰশিক্ষণ, ইণ্টাৰেক্টিভ ছেচন আৰু বৰ্তমানৰ চালকসকলে ৰাইডিং দক্ষতা প্ৰদান কৰে এইচএমএছআইৰ ৰাষ্ট্ৰীয় পথ সুৰক্ষা সজাগতা কাৰ্যসূচীয়ে। হোণ্ডাৰ প্ৰশিক্ষকসকলে ৰাজপথৰ চিহ্ন, চালকৰ দায়িত্ব, ৰাইডিং গিয়েৰ, ভংগীমা আৰু সুৰক্ষিত বাহন চালনাৰ শিষ্টাচাৰৰ ওপৰত ব্যৱহাৰিক শিক্ষণৰ অধিবেশনৰ আয়োজন কৰে। এই কাৰ্যসূচীত অংশগ্ৰহণকাৰীসকলে বিপদৰ প্ৰতি সংবেদনশীলতা বৃদ্ধি কৰিবলৈ আৰু নিৰাপদ গাড়ী চলোৱা আচৰণ নিশ্চিত কৰিবলৈ কিকেন য়ছ’কু ট্ৰেইনিং (কেৱাইটি)ও লাভ কৰে।

বৰ্তমানৰ বিদ্যমান ৰাইডাৰসকলে লেহেমীয়া ৰাইডিং বা ধীৰ চালনা কাৰ্যকলাপ আৰু ঠেক প্লেংকৰ জৰিয়তে নিজৰ দক্ষতা পৰীক্ষা উন্নত আৰু নিখুঁত কৰিব পাৰে। পথ সুৰক্ষাৰ খেল আৰু কুইজৰ দৰে দৈনিক শৈক্ষিক কাৰ্যসূচীও পৰিচালনা কৰে হোণ্ডাই যাতে যুৱ ছাত্ৰ-ছাত্ৰীসকলে পথ সুৰক্ষাৰ বিষয়ে জানিব পাৰে। এই বিষয়ে হোণ্ডা মটৰ চাইকেল এণ্ড স্কুটাৰ ইণ্ডিয়াৰ এইচ আৰ, এডমিন, আই টি এণ্ড কৰ্পৰেট এফেয়াৰ্ছৰ জ্যেষ্ঠ সঞ্চালক বিনয় ধিংৰাই কয় যে, “এই মানসিকতাক প্ৰসাৰিত কৰিবলৈ এইচ এম এছ আইয়ে দেশজোৰা পথ সুৰক্ষা সজাগতা অভিযান আৰম্ভ কৰাৰ পদক্ষেপ হাতত লৈছে।”