কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চি আৰ পি এফৰ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীস্থিত ১৭৫ বেটেলিয়ান মূখ্য কাৰ্যালয় চৌহদত এক হোলী মিলন সমাৰোহ অনুষ্ঠিত হয়। চি আৰ পি এফৰ ১৭৫ বেটেলিয়ানৰ কমাডেণ্ট ৰাজীৱ কুমাৰ ঝাৰ উপস্থিতিত অনুষ্ঠিত হোলী মিলন সমাৰোহত বাহিনীটোৰ বিষয়া, জোৱান আৰু তেঁওলোকৰ পৰিয়ালৰ সদস্য সকলে ভাগ লৈ ইজনে – সিজনক ফাঁকু দি হোলীৰ শুভেচ্ছা জ্ঞাপন কৰে।
অনুষ্ঠানত উপস্থিত থাকি কমাডেণ্ট ৰাজীৱ কুমাৰ ঝাই কয় যে হোলী উৎসৱ পাৰস্পৰিক ভাতৃত্ববোধ আৰু প্ৰেমৰ প্ৰতীক, যিটো সকলোৱে মিলি আনন্দৰে উদযাপন কৰিব লাগে। অনুষ্ঠানত তেঁও বিষয়া, জোৱান আৰু তেওঁলোকৰ পৰিয়ালৰ লোকক হোলীৰ শুভেচ্ছা জ্ঞাপন কৰে।