আজি সমগ্ৰ দেশে উদযাপন কৰিব ৰঙৰ উৎসৱ ফাকুৱা। লোকাৰণ্য হৈ পৰিছে ৰাজ্যৰ সত্ৰসমূহ।

আধ্যাত্মিক পৰিৱেশৰ মাজেৰে বৰপেটা, মাজুলীত চাৰিদিনীয়াকৈ অনুষ্ঠিত দৌলোৎসৱ। কিন্তু হোলীৰ পুৱাই বৰষুণ অহাৰ লগে লগে চিন্তাত পৰিছে সকলো।ৰাজ্যৰ ভিন্ন প্ৰান্তত বৰষুণৰ লগতে আহিছে শিলাবৃষ্টি।খন্তেকৰ বাবে সকলো দুখ- বেজাৰ একাষৰীয়া কৰি আঁকোৱালি লৈছে ৰং আৰু আনন্দ !

আধ্যাত্মিক পৰিৱেশৰ মাজেৰে বৰপেটা, মাজুলীত চাৰিদিনীয়াকৈ অনুষ্ঠিত দৌলোৎসৱ।চৌদিশে উচাহপূৰ্ণ আয়োজনেৰে উদযাপন কৰা হ’ব এই দৌল উৎসৱ। ইতিমধ্যে বৰপেটা, হাউলী, নলবাৰী, মাজুলীৰ সত্ৰসমূহকে ধৰি ভিন্ন প্ৰান্তত চলিছে ব্যাপক আয়োজন।

উদুলি- মুদুলি হৈ পৰিছে চৌদিশ। কাৰ্যতঃ শ্ৰীকৃষ্ণ বন্দনা আৰু হোলী গীতৰ মুৰ্ছনাৰে মুখৰ হৈ পৰিব ৰাজ্যৰ আকাশ- বতাহ।