শ্বিলঙত নিজৰ প্ৰথমটো চেলছ এণ্ড চাৰ্ভিছ ৰেড উইং আউটলেটৰ গ্ৰেণ্ড উদ্বোধনৰ কথা সগৌৰৱে ঘোষণা এইচএমএছআইৰ

93

হোণ্ডা মটৰ চাইকেল এণ্ড স্কুটাৰ ইণ্ডিয়া (এইচএমএছআই)য়ে মেঘালয়ৰ ৰাজধানী চহৰ শ্বিলঙত প্ৰথমটো চেলছ এণ্ড চাৰ্ভিছ ৰেড ৱিং আইটলেট আনুষ্ঠানিকভাৱে মুকলি কৰাৰ কথা গৌৰৱেৰে প্ৰকাশ কৰিছে। মেঘালয়ত কোম্পানীটোৰ এই প্ৰথমটো ডিলাৰশ্বিপ হৈছে উত্তৰ-পূৰ্বাঞ্চলত ২৫নং স্বীকৃতিপ্ৰাপ্ত মূল ডিলাৰশ্বিপ (এ এম ডি) আৰু পূব অঞ্চলত ১৭৪সংখ্যক এএমডি। ইয়াত নিজৰ অনন্য ৪এছ চেটআপ আছে যিয়ে বিক্ৰী, সেৱা, স্পেয়াৰ পাৰ্টছৰ ক্ষেত্ৰত উদ্যোগৰ বিধি আৰু হোণ্ডাৰ বাবে অনন্য ৪ৰ্থ ‘এছ’ হৈছে ছেফটি ৰাইডিং প্ৰমোচন।

মেঘালয়ৰ এই শ্বাডাপ হোণ্ডাই এইচএমএছআইৰ স্কুটাৰ আৰু মটৰ চাইকেলৰ এক বিস্তৃত ৰেঞ্জ প্ৰদান কৰিব। ইয়াৰ ভিতৰত আছে চাৰিটা স্কুটাৰ মডেল (১১০চিচি স্কুটাৰত এক্টিভা এণ্ড ডিঅ’, ১২৫চিচি স্কুটাৰত এক্টিভা ১২৫ এণ্ড ডিঅ’ ১২৫) আৰু মটৰ চাইকেল কেটেগৰীত কোম্পানীটোৱে ১০০-১১০চিচি (শ্বাইন ১০০, চিডি ১১০ ড্ৰিম ডিলাক্স এণ্ড লিভ’), ১২৫চিচি (শ্বাইন ১২৫&এছপি১২৫), ১৬০চিচি (ইউনিকৰ্ন আৰু এছপি১৬০) আৰু ১৮০-২০০চিচি (হৰ্নেট ২.০ আৰু চিবি২০০এক্স) ছেগমেণ্টৰ লগতে অন্যান্য স্পেচিয়েল এডিছনৰ মডেল।

হোণ্ডা মটৰ চাইকেল এণ্ড স্কুটাৰ ইণ্ডিয়াৰ বিক্ৰী আৰু বিপণন সঞ্চালক যোগেশ মাথুৰে এই শুভাৰম্ভণিৰ বিষয়ে কয় যে, “আমি সদায়ে উচ্চ মানদণ্ডৰ সামগ্ৰী আৰু ব্যতিক্ৰমী সেৱা প্ৰদান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ আৰু আমি বিশ্বাস কৰোঁ যে ‘শ্বাডাপ হোণ্ডা’ৰ উদ্বোধনে আমাৰ গ্ৰাহকসকলৰ গতিশীলতাৰ বাবে প্ৰয়োজনীয়তা পূৰণ কৰাৰ সময়ত অঞ্চলটোত আমাৰ বিক্ৰী যথেষ্ট পৰিমাণে বৃদ্ধি কৰিব।’