নাৰ্ছ দিৱসত বেজীৰ আঘাতৰ সৈতে মোকাবিলা কৰিবলৈ সুৰক্ষা বেজীৰে ডিস্পোজেক্ট চিৰিঞ্জ উন্মোচন এইচএমডিৰ

593
HMD-Shoot

বিশ্বমানৰ অত্যাধুনিক চিকিৎসা সঁজুলিৰ নিৰ্মাতা প্ৰতিষ্ঠান হিন্দুস্তান চিৰিঞ্জ এণ্ড মেডিকেল ডিভাইচে(এইচএমডি) ছেফটি নিডল(সুৰক্ষিত বেজী)ৰ সৈতে অত্যাধুনিক আৰু এই ধৰণৰ প্ৰথম এবাৰ ব্যৱহাৰযোগ্য ডিস্পোজেক্ট চিৰিঞ্জ মুকলি কৰিছে, যিয়ে নাৰ্ছসকলক বেজীৰ খোঁচৰ আঘাত বা সংক্ৰমণ(এনএছআই)ৰ পৰা সুৰক্ষা নিশ্চিত কৰে। এইচএমডিয়ে ডিস্পোজেক্ট চিৰিঞ্জৰ জৰিয়তে বিশ্ব নাৰ্ছ দিৱসত নাৰ্ছসকলৰ অধ্যৱসায় আৰু ধৈৰ্য-সহনশীলতাৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিছে। প্ৰায় ২৭ মিলিয়ন পুৰুষ আৰু মহিলাই সমগ্ৰ বিশ্বৰ নাৰ্চিং আৰু ধাত্ৰীৰূপে সেৱা আগবঢ়াই আহিছে। এই পৰিমাণ সমগ্ৰ বিশ্বৰ স্বাস্থ্য কৰ্মশক্তি বা স্বাস্থ্যক্ষেত্ৰৰ প্ৰায় ৫০%।

বিশ্ব স্বাস্থ্য সংস্থা(ডব্লিউএইছঅ’)ই প্ৰকাশ কৰা তথ্য অনুসৰি পৰিৱৰ্তনকামী আৰু উন্নয়নশীল দেশসমূহত প্ৰতি বছৰে ১৬ বিলিয়নতকৈ অধিক বেজী প্ৰদান কৰা হয় বা ব্যৱহৃত হয়। আকস্মিক বেজীৰ খোঁচ বা এক্সিডেণ্টেল নিডলষ্টিক ইনজ্যৰি(এনএছআই)ৰ ফলত ৩ মিলিয়ন নতুন হেপাটাইটিছ বি ৰোগী, ৩৯% নতুন হেপাটাইটিছ চি ৰোগী আৰু ৫.৫% নতুন এইচআইভি ৰোগী সংক্ৰমিত বা প্ৰভাৱিত হৈছে। ডিস্পোজেক্ট এছআইপি শ্বিল্ডে ব্যৱহাৰকাৰী-বন্ধুত্বপূৰ্ণ, সুলভ আৰু প্ৰতিযোগিতামূলক মূল্যৰ সুৰক্ষা ব্যৱস্থা, এক তীক্ষ্ণ তিনিটা-বেভেলযুক্ত চিলিকনাইজড বেজী আৰু বেজী লোৱাৰ পিছত এখন হাতেৰে সক্ৰিয়ভাৱে সুৰক্ষা ব্যৱস্থা প্ৰদান কৰে।

হিন্দুস্তান চিৰিঞ্জ এণ্ড মেডিকেল ডিভাইচ (এইচএমডি)ৰ পৰিচালন সঞ্চালক ৰাজীৱ নাথে এই বিষয়ে কয় যে, “বিশ্বজুৰি নাৰ্ছসকলে প্ৰতিদিনে বেজীৰ খোঁচৰ জৰিয়তে সংক্ৰমণৰ যথেষ্ট আশংকা বা প্ৰত্যাহ্বানৰ সন্মুখীন হয়, যাৰ ফলত ৰক্তজনিত ৰোগ সৃষ্টিকাৰী জীৱাণুৰ সংস্পৰ্শলৈ অহাৰ সম্ভাৱনা থাকে, এনে হ’লে নাৰ্ছসকলো সমস্যাত জুৰুলা বা আক্ৰান্ত হ’ব পাৰে। ডিস্পোজেক্ট ছিৰিঞ্জে এই উদ্বেগসমূহ ফলপ্ৰসূভাৱে নোহোৱা কৰিবলৈ প্ৰয়াস কৰিছে।”