এইচএণ্ডএম-এ মুকলি কৰিলে টাইলা, এফকেএ টুইগছ আৰু কেৰ’লিন পোলাচেকসমৃদ্ধ উৎসৱ-প্ৰস্তুত এছ/এছ ২০২৫ সংগ্ৰহ 

126

এইচএণ্ড এম-এ মুকলি কৰিলে নিজৰ বহুপ্ৰতীক্ষিত স্প্ৰিং/ছামাৰ ২০২৫ সংগ্ৰহ, যি হৈছে নাৰীত্বৰ প্ৰতি এক স্পন্দনশীল শ্ৰদ্ধাঞ্জলি, ইতিমধ্যে বিশ্বব্যাপী সংগীত তাৰকা টাইলা, এফকেএ টুইগছ আৰু কেৰোলিন পোলাচেকৰ নেতৃত্বত প্ৰচাৰ চলোৱা হৈছে।  সংগীত আৰু ফেশ্বনক একত্ৰিত কৰাৰ বাবে ডিজাইন কৰা এই সংগ্ৰহটো দুটা পৰ্যায়ত মুকলি কৰিব, চলিত মাৰ্চ মাহৰ ২০ তাৰিখৰ পৰা অনলাইন প্লেটফৰ্মসমূহ আৰু ষ্টৰত উপলব্ধ হ’ব এই অনন্য সামগ্ৰীসমূহ।

এই কালেকচনত বোহেমিয়ান সুন্দৰতাক ৰক-অনুপ্ৰাণিত ষ্টাইলৰ সৈতে মিশ্ৰণ কৰা হৈছে, য’ত ৭০, ৯০ৰ দশকক অংকন কৰি আধুনিক যুগৰ নান্দনিকতা যোগ দিয়া হৈছে। ইথেৰেল শ্বিয়েৰ ব্লাউজ, ক্ৰচেটেড ড্ৰেছ, প্লিটেড ৰাফল স্কাৰ্ট আৰু ষ্টাডেড লেডাৰ জেকেটবোৰে এই সংগ্ৰহক নতুন মাত্ৰা প্ৰদান কৰিছে। আনুষংগিক সামগ্ৰীবোৰৰ ভিতৰত আছে শ্লচি চ’লডাৰ বেগ(কান্ধত লোৱা বেগ), স্নেক-প্ৰিণ্ট শ্লিপাৰ, বাইকাৰ বুট আৰু প্ৰাচীন শৈলীৰ গহণা আদি, যিসমূহে উৎসৱৰ বাবে সাজু মাদকতা আনি দিয়ে।

এইচ এণ্ড এমৰ ডিজাইন বিভাগৰ সঞ্চালক ইলিয়ানা মাছগালছে এই বিষয়ে সদৰি কৰি কয় যে, “এই ছিজনত আমি নাৰীত্বৰ বিভিন্ন পৰ্যায় অন্বেষণ কৰিব বিচাৰিছিলো, বোহেমিয়ান চাৰ্মক ৰক প্ৰভাৱৰ সৈতে সংমিশ্ৰণ কৰি অনন্য ৰূপ দিব বিচাৰিছিলোঁ।” ২০২৫ৰ ৯ এপ্ৰিলত লছ এঞ্জেলছত হাই প্ৰফাইল ফেশ্বন আৰু সংগীত মহোৎসৱৰ জৰিয়তে এই সংকলন উদযাপন কৰা হ’ব।

এই সংগ্ৰহে গুৱাহাটীৰ লগতে সমগ্ৰ অসমৰ সতেজ, বহুমুখী ষ্টাইলৰ প্ৰতি আগ্ৰহী যুৱ ফেশ্বন অনুৰাগীসকলক আকৰ্ষিত কৰিব বুলি আশা কৰা হৈছে।  বিশ্বব্যাপী ফেশ্বনৰ বৰ্ধিত চাহিদা আৰু ট্ৰেণ্ডৰ সৈতে সংগতি ৰাখি খুচুৰা বিক্ৰেতাসকলে শক্তিশালী বিক্ৰীৰ আশা কৰে, বিশেষকৈ অসমৰ স্পন্দনশীল যুৱ সংস্কৃতিৰ সৈতে অনুৰণিত উৎসৱ-অনুপ্ৰেৰিত সামগ্ৰীয়ে আকৰ্ষিত কৰিব বুলি আশা কৰা হৈছে।