আকৌ এবাৰ ইতিহাস ৰচিলে টীম ইণ্ডিয়াই। দেওবাৰে নিশা অনুষ্ঠিত টি-২০ বিশ্বকাপৰ মেগা ফাইনেলত নিউজিলেণ্ডক ৯৬ ৰানৰ বৃহৎ ব্যৱধানত ধৰাশায়ী কৰি ভাৰতে ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে দখল কৰে বিশ্ব চেম্পিয়নৰ খিতাপ। এই ঐতিহাসিক বিজয়ৰ লগে লগে সমগ্ৰ দেশৰ চুকে-কোণে এতিয়া এক অভূতপূৰ্ব উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে।
বিজয়ৰ মুহূৰ্ততে সমগ্ৰ দেশত ত্ৰিৰংগা লৈ ৰাজপথলৈ ওলাই আহে হাজাৰ হাজাৰ ক্ৰীড়ানুৰাগী। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত খেল সমাপ্ত হোৱাৰ লগে লগে দিল্লীৰ ইণ্ডিয়া গেটৰ পৰা আৰম্ভ কৰি মুম্বাই, ৰাঁচী, লক্ষ্ণৌ আৰু জম্মু পৰ্যন্ত ফটকা ফুটাই আৰু ঢোলৰ চেৱত নাচি-বাগি অনুৰাগীসকলে উল্লাস প্ৰকাশ কৰে। অসমৰ গুৱাহাটী মহানগৰীকে ধৰি বিভিন্ন প্ৰান্ততো জনসাধাৰণে ৰাষ্ট্ৰীয় পতাকা লৈ গৌৰৱেৰে এই ঐতিহাসিক ক্ষণ উদযাপন কৰা দেখা যায়।
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ভাৰতীয় দলটোক অভিনন্দন জনাই কয়, “টি-২০ বিশ্বকাপ তিনিবাৰকৈ জয় কৰা ভাৰত একমাত্ৰ দেশ। ক্ৰমাগতভাৱে দুবাৰকৈ বিজয়ী হোৱাটোৱে আমাৰ দেশৰ যুৱ প্ৰজন্মৰ প্ৰতিভাক প্ৰতিফলিত কৰিছে।” প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও দলটোৰ সংগ্ৰামী মনোভাৱক প্ৰশংসা কৰি কয় যে এই বিজয়ে প্ৰতিজন ভাৰতীয়ৰ হৃদয় আনন্দৰে ভৰাই তুলিছে।
ইফালে, লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে এই বিজয়ক এক অবিস্মৰণীয় মুহূৰ্ত বুলি অভিহিত কৰে। তেওঁ কয়, “আমাৰ খেলুৱৈসকল পুনৰ চেম্পিয়ন হ’ল। সমগ্ৰ টুৰ্ণামেণ্টত সঞ্জু চেমচন আৰু যশপ্ৰীত বুমৰাহৰ প্ৰদৰ্শন আছিল অত্যন্ত প্ৰশংসনীয়।” ছ’চিয়েল মিডিয়াতো বিজয়ী দলটোক লৈ অভিনন্দনৰ জোৱাৰ উঠাৰ লগতে যশপ্ৰীত বুমৰাহক দেশৰ ‘ৰাষ্ট্ৰীয় সম্পদ’ বুলি অভিহিত কৰিছে অনুৰাগীসকলে।
উল্লেখ্য যে, এই বিশ্বকাপত অভূতপূৰ্ব প্ৰদৰ্শনৰ বাবে সঞ্জু চেমছনক ‘প্লেয়াৰ অৱ দ্য চিৰিজ’ খিতাপেৰে সন্মানিত কৰা হয়।
