বহুদিন পূৰ্বেই নিজৰ দক্ষতা সন্দৰ্ভত কৰা মন্তব্যক বাস্তৱায়িত কৰি অৱশেষত ৯০ মিটাৰৰ সীমা অতিক্ৰম কৰি ইতিহাস ৰচনা কৰিলে ভাৰতৰ অলিম্পিক তথা বিশ্ব চেম্পিয়ন জেভলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰাই। প্ৰথমগৰাকী ভাৰতীয় জেভলিন থ্ৰ’ৱাৰ হিচাপে এই অনন্য ইতিহাসৰ অধিকাৰী হৈছে নীৰজ।প্ৰথমগৰাকী ভাৰতীয় জেভলিন থ্ৰ’ৱাৰ হিচাপে এই অনন্য ইতিহাসৰ অধিকাৰী হৈছে নীৰজ। ডোহা ডাইমণ্ড লীগ মিটত ৯০.২৩ মিটাৰৰ থ্ৰ’ৰে নীৰজে এই ঐতিহাসিক কৃতিত্ব অৰ্জন কৰে।শুকুৰবাৰে নিশা কাটাৰৰ ৰাজধানী ডোহাত অনুষ্ঠিত হোৱা ডাইমণ্ড লীগ মিটত নীৰজে পূৰ্ণ কৰে নিজৰ দীৰ্ঘদিনীয়া প্ৰতিশ্ৰুতিৰ। যোৱা বছৰ ডাইমণ্ড লীগৰ ফাইনেলত খিতাপ অৰ্জন কৰাৰ পিছত নীৰজৰ এয়া আছিল প্ৰথম প্ৰতিযোগিতা। কেৱল এয়াই নহয়, জেভেলিন থ্ৰ’ৰ ইতিহাসৰ সৰ্বশ্ৰেষ্ঠ খেলুৱৈ আৰু চেক গণৰাজ্যৰ প্ৰাক্তন অলিম্পিক চেম্পিয়ন জান জেলেজনীৰ প্ৰশিক্ষণত এয়াই আছিল নীৰজৰ প্ৰথম ইভেণ্ট।
