এইচচিচিবিয়ে মহামাৰীৰ সময়ত ‘চাফাইচাথিছ’ক সজ্জিত কৰে

158

এই বিশ্ব পৰিৱেশ দিৱস, হিন্দুস্তান কোকা-কোলা পানীয় (এইচচিচিবি) আৰু ইউএনডিপিয়ে মহামাৰীৰ সময়তো ‘চাফাইচাথি’ – অনাময় কৰ্মীসকলৰ ‘উইল ডু’ স্পিৰিট উদযাপন কৰি আছে যিসকলে প্লাষ্টিকৰ আৱৰ্জনা সংগ্ৰহ আৰু পুনৰ্ব্যৱহাৰত সহায় কৰি দেশখন পৰিষ্কাৰ ৰখাৰ বাবে নিৰন্তৰ কাম কৰি আহিছে। চাফাইচাথিহৈছে প্ৰকল্প পৃথিৱীৰ আঁৰৰ কৰ্মশক্তি – প্লাষ্টিক আৱৰ্জনা ব্যৱস্থাপনা কাৰ্যসূচী – যিটো এইচচিচিবি আৰু ইউএনডিপিয়ে যোৱা ৩ বছৰধৰি অংশীদাৰ সংস্থা আৰু স্থানীয় চৰকাৰী সংস্থাৰ সৈতে যুটীয়াভাৱে চলি আছে।

এইচচিচিবি আৰু ইউএনডিপিয়ে মহামাৰীৰ সময়ছোৱাত সুৰক্ষা কিট, ৰেচন যোগান, পৰিচ্ছন্নতা কিট আদিৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ সৈতে ১৭,০০০ ‘চাফাইসাথি’কে ধৰি ১,০০,০০০ লোকৰ ওচৰলৈ যোৱাৰ বাবে একেলগে কাম কৰিছে। দুয়োটা সংগঠনে ৩০ খন চহৰত পৰিচ্ছন্নতা আৰু সুৰক্ষাৰ ওপৰত সজাগতা অধিৱেশন অনুষ্ঠিত কৰিবলৈ পৌৰ আয়ুক্ত আৰু মহানগৰ ৰূপায়ণ অংশীদাৰৰ সৈতে সহযোগিতা কৰিছে।

২০১৮ চনত আৰম্ভ কৰা আৰু বৰ্তমান ৩০ টাতকৈ অধিক স্থানত কাৰ্যকৰী, এইচচিচিবিৰ প্লাষ্টিক আৱৰ্জনা ব্যৱস্থাপনা কাৰ্যসূচীয়ে প্লাষ্টিক আৱৰ্জনা ব্যৱস্থাপনাত বহনক্ষম সমাধানৰ বাবে নাগৰিক, সম্প্ৰদায়, নগৰীয় স্থানীয় সংস্থা, চৰকাৰী বিভাগ আৰু অংশীদাৰসকলৰ মাজত সহযোগিতা বৃদ্ধিৰ দিশত কাম কৰে। প্ৰকল্পটোৱে অনানুষ্ঠানিক খণ্ড চাফাইচাথিৰ সৈতে জড়িত হৈ তেওঁলোকক স্ব-সহায়ক গোটৰ জৰিয়তে আনুষ্ঠানিক অৰ্থনীতিত একত্ৰিত কৰে আৰু বেঙ্কিং আৰু বীমা আঁচনিৰ দৰে বিভিন্ন অন্তৰ্ভুক্তি মূলক পদক্ষেপৰ সৈতে তেওঁলোকৰ সম্পৰ্ক সহজ কৰে।