হিমবাহ বিস্ফোৰণৰ ফলত বহু লোকৰ মৃ*ত্যু

6

চামোলী জিলাস্থিত বদ্ৰীনাথ ধামত হিমবাহ বিস্ফোৰণৰ ফলত ৫৭ জন শ্ৰমিক বৰফৰ তলত আৱদ্ধ হৈ পৰিছে। আৱদ্ধ শ্ৰমিকসকলক উদ্ধাৰৰ বাবে প্ৰশাসনে তাৎক্ষণিকভাৱে উদ্ধাৰ অভিযান আৰম্ভ কৰে। ঘটনাস্থলীৰ পৰা এই পৰ্যন্ত ১০ জন শ্ৰমিকক নিৰাপদে উলিয়াই অনা হৈছে যদিও ৪৭ জন শ্ৰমিক এতিয়াও বৰফৰ মাজত আৱদ্ধ হৈ আছে।শ্ৰমিকসকলৰ উদ্ধাৰৰ বাবে তীব্ৰতৰ কৰি তোলা হৈছে উদ্ধাৰ অভিযান।

ঘটনাস্থলীত নিয়োজিত হৈ আছে উদ্ধাৰকাৰী দলৰ বৃ্হৎ সংখ্যক কৰ্মী।উত্তৰাখণ্ডত সম্প্ৰতি চৰধাম যাত্ৰাৰ দিন ঘোষণা কৰা হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত বদ্ৰীনাথ ধামৰ পৰা তিনি কিলোমিটাৰ দূৰত্বৰ মানাৰ সমীপত পথৰ পৰা বৰফ আঁতৰাই দ্ৰুত গতিত পথ মেৰামতিৰ কাম চলাই থকা হৈছে।
সম্প্ৰতি SDRF, NDRF, জিলা প্ৰশাসন, ITBP আৰু ব’ৰ্ডাৰ ৰ’ড অৰ্গেনাইজেচন (BRO)ৰ দলে ঘটনাস্থলীত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। ইতিমধ্যেই জানিব পৰা মতে শ্ৰমিকসকলক উদ্ধাৰৰ লগে লগে চিকিৎসালয়লৈ প্ৰেৰণ কৰিবৰ বাবে চাৰিখন এম্বুলেঞ্চ ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হৈছে।