নিৰ্বাচন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ ৰাজনৈতিক মহলত ব্যক্তিগত আক্ৰমণ আৰু তীক্ষ্ণ বাকযুদ্ধই তীব্ৰ ৰূপ ধাৰণ কৰিছে। সোমবাৰে নিশা এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পোনপটীয়াকৈ লক্ষ্য কৰি লৈ তেওঁক ‘পল্টুৰাম’ বুলি অভিহিত কৰে। কেৱল ক্ষমতাৰ স্বাৰ্থত বাৰে বাৰে ৰাজনৈতিক স্থিতি সলনি কৰাৰ অভিযোগ তুলি আজমলে মুখ্যমন্ত্ৰীগৰাকীক বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ সৈতে তুলনা কৰে।
সাংবাদিকৰ আগত আজমলে দাবী কৰে যে নিৰ্বাচনত পৰাজয়ৰ ভয়ত মুখ্যমন্ত্ৰীয়ে এতিয়া কংগ্ৰেছৰ সৈতে এক গোপন বুজাপৰা কৰিছে। তেওঁৰ মতে, বিজেপি আৰু কংগ্ৰেছৰ মাজত বৰ্তমান এক ‘আণ্ডাৰষ্টেণ্ডিং’ চলিছে আৰু শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলি থকা উচ্ছেদ অভিযানসমূহ দুয়োটা দলৰ সন্মতি মৰ্মেই হৈছে।
আনকি শেহতীয়া সমীক্ষাসমূহক ‘বিজেপি পাল্ছ’ আখ্যা দি আজমলে সেইবোৰক ৰাইজৰ প্ৰকৃত মত নহয় বুলিও নাকচ কৰে। আগন্তুক নিৰ্বাচনত এআইইউডিএফে প্ৰথমবাৰৰ বাবে দুগৰাকী মহিলা প্ৰাৰ্থীক টিকট দিব বুলিও তেওঁ এই ঘোষণাৰ জৰিয়তে স্পষ্ট কৰে।
ইফালে, বদৰুদ্দিন আজমলৰ এই মন্তব্যৰ প্ৰতিক্ৰিয়াত যোৱা বছৰ সংসদ গৌৰৱ গগৈয়ে কৰা এটা মন্তব্যৰ চৰ্চা পুনৰ আৰম্ভ হৈছে। গগৈয়ে অভিযোগ কৰিছিল যে হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমল পৰস্পৰৰ নিৰ্ভৰশীল আৰু এআইইউডিএফ হৈছে বিজেপিৰ বাবে ‘১০৮ জৰুৰীকালীন সেৱা’ৰ দৰে। নিৰ্বাচনৰ সময়ত বিজেপি বিপদত পৰিলে আজমলে সদায় সহায়ক হিচাপে থিয় দিয়ে বুলিও গগৈয়ে দাবী কৰিছিল।
