হিমানী বেষ্ট চয়চ ৰিফাইণ্ড চয়াবিন অইলে মুকলি কৰিলে এক সম্পূৰ্ণ নতুন পেক ডিজাইন

783

ইমামি এগ্ৰ’টেক লিমিটেডে প্ৰস্তুত কৰা আৰু বিক্ৰী কৰা খোৱা তেলৰ জনপ্ৰিয় ৰেঞ্জৰ ব্ৰেণ্ড হিমানী বেষ্ট চয়চে এক সম্পূৰ্ণ নতুন পেক ডিজাইনৰ সৈতে পুনৰ মুকলি কৰিছে ইয়াৰ ৰিফাইণ্ড চয়াবিন অইলৰ প্ৰকাৰ।এই মুকলি সন্দৰ্ভত ভাষণ দি ইমামি এগ্ৰ’টেক লিমিটেডৰ বিপণন বিভাগৰ অধ্যক্ষ শ্ৰী দেৱাশীষ ভট্টাচাৰ্যই কয়, “গতিশীল আৰু প্ৰাসংগিক হৈ থাকিবলৈ প্ৰতিটো সফল ব্ৰেণ্ডৰ বিকাশৰ প্ৰয়োজন হয়। গ্ৰাহকৰ পৰিৱৰ্তিত পছন্দ পূৰণ কৰিবলৈ এটা ব্ৰেণ্ডৰ বাবে সঠিক সংযোগ বিচাৰি উলিওৱা আৰু সেই অনুসৰি বিকশিত হোৱাটো যথেষ্ট গুৰুত্বপূৰ্ণ। সেয়েহে গ্ৰাহকক  আমি এটা ক্ৰমবৰ্ধমান আৰু প্ৰগতিশীল ব্ৰেণ্ড হিচাপে সতেজ দৃষ্টিভংগী আগবঢ়াব পৰাকৈ আমাৰ ব্ৰেণ্ড হিমানী বেষ্ট চয়চ ৰিফাইনড চয়াবিন অইলৰ এটা স্মাৰ্ট, সমসাময়িক ৰূপ প্ৰৱৰ্তন কৰিছো। আমাৰ বিশ্বাস যে এই নতুন পৰিৱৰ্তনে আমাক আমাৰ বজাৰ নেতৃত্বক শক্তিশালী কৰাত আৰু ব্যাপক গ্ৰাহকৰ ভিত্তি দখল কৰাত সহায় কৰিব।”

হিমানী বেষ্ট চয়ছ ৰিফাইণ্ড চয়াবিন অইলৰ নতুন পেকে সৰিয়হৰ প্ৰাকৃতিক উপাদানৰ উৎসৰ নতুন ডিজাইন উপাদানৰ প্ৰৱৰ্তন কৰিছে।  ব্ৰেণ্ড এম্বেছেডৰ ছলমান খানৰ ফটোসহ নতুন ডিজাইনৰ পেকৰ ব্ৰেণ্ড টেগলাইন হৈছে ‘স্বাদ মে হিট, বাজেট মে ফিট’ ।২০১৪ চনত মুকলি কৰা হিমানী বেষ্ট চয়চ খোৱা তেলক, উৎপাদন উৎকৃষ্টতাৰ উচ্চতম মানদণ্ড আৰু কঠোৰ গুণগত নিয়ন্ত্ৰণ ব্যৱস্থাৰ অধীনত প্ৰস্তুত কৰি থকা হৈছে আৰু ই হৈছে ভাৰতৰ অন্যতম দ্ৰুতগতিত বৃদ্ধি পোৱা খোৱা তেলৰ ব্ৰেণ্ড যিয়ে নিজৰ শাখাত বিভিন্ন প্ৰাসংগিক বজাৰত অগ্ৰণী স্থান দখল কৰি আছে।  পশ্চিমবংগ, উৰিষ্যা, উত্তৰ-পূব, উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড, বিদৰ্ভা, ছত্তীশগড়, পঞ্জাৱ , হাৰিয়ানা, দিল্লী, অন্ধ্ৰ প্ৰদেশ, কৰ্ণাটক আৰু মহাৰাষ্ট্ৰৰ বিভিন্ন অংশত ১০০% বিশুদ্ধ আৰু সুৰক্ষিত ৰিফাইণ্ড চয়াবিন, পামোলিন আৰু ছানফ্লাৱাৰ অইলেৰে জনপ্ৰিয় ব্ৰেণ্ড হিচাপে শক্তিশালী স্থান দখল কৰি আছে। হিমানী বেষ্ট চয়চ খোৱা তেলৰ পেকেট ১ লিটাৰ আৰু ৫০০ মিলিলিটাৰৰ পাউচ, পেট বটল আৰু ৫ লিটাৰৰ ফেমিলি পেকৰ দৰে বিভিন্ন SKU আকাৰত উপলব্ধ।

বলিউডৰ পৰিচালক নিতেশ তিৱাৰীৰ পৰিচালনাত যোৱা বছৰ হিমানী বেষ্ট চয়ছে পুনৰবাৰ জনপ্ৰিয় গায়ক মিকা সিঙৰ কন্ঠত ফুট-টেপিং জিংগলত ছলমান খান অভিনীত এক নতুন টিভিচি মুকলি কৰিছিল ।এটা ইমামি গ্ৰুপ কোম্পানী ইমামি এগ্ৰ’টেক লিমিটেড ব্ৰেণ্ডেড খাদ্য উৎপাদনৰ ব্যৱসায়ৰ সৈতে জড়িত হৈ আহিছে। প্ৰতিষ্ঠানটোৱে ইমামি হেল্থী এণ্ড টেষ্টি আৰু হিমানী বেষ্ট চয়চ, বনস্পতি ব্ৰেণ্ড ৰছ’ই আৰু স্পেচিয়েলিটি ফেট ব্ৰেণ্ড বেক মেজিকৰ দৰে সুপৰিচিত খোৱা তেল ব্ৰেণ্ড প্ৰস্তুত কৰে। সম্প্ৰতি  ১৮০০০ কোটি টকাৰো অধিক ব্যৱসায়ৰ সৈতে খোৱা তেল উদ্যোগৰ এক বহুচৰ্চিত নাম হৈ পৰিছে এই প্ৰতিষ্ঠানটো। ই লগতে হেলদী এণ্ড টেষ্টি ব্ৰেণ্ডৰ অধীনত মন্ত্ৰা মছলা, টেষ্টমেকাৰ, আৰু এডভান্স চয়া চাংকছ মুকলিৰে ব্ৰেণ্ডেড খাদ্য ব্যৱসায়তো আগ্ৰাসন কৰিছে ।  ভাৰতীয় খোৱা তেল উদ্যোগত বিভিন্ন শাখাত দৃষ্টান্তমূলক প্ৰদৰ্শনৰ বাবে ২০১৬ চনৰ পৰা বছৰ বছৰ ধৰি গ্ল’বঅইল ইণ্ডিয়া এৱাৰ্ডছত গৌৰৱেৰে একাধিক বঁটা লাভ কৰিবলৈ সক্ষম হৈছে ইমামি এগ্ৰ’টেকে।