হিমাচল প্ৰদেশত হোৱা ধাৰাসাৰ বৰষুণ, ডাৱৰ বিস্ফোৰণ আৰু ভূমিস্খলনৰ ফলত ৰাজ্যখনৰ প্ৰায় ৪০৭.০২ কোটি টকাৰ প্ৰশাসনিক লোকচান হৈছে। প্ৰাকৃতিক দুৰ্যোগৰ বাবে ৰাজ্যৰ প্ৰায় ২৪৫ টা পথ ভূমিস্খলনে ক্ষতিগ্ৰস্ত কৰিছে।ডাৱৰ বিস্ফোৰণৰ ঘটনাত এতিয়াও ৩৪ জন লোক নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে। ভূমিস্খলনৰ ফলত প্ৰভাৱিত হৈছে ৰাজ্যখনৰ প্ৰায় ২৪৫টা পথ। ৯১৮টা বৈদ্যুতিক ট্ৰেন্সফৰ্মাৰ আৰু ৬৮৩টা পানী যোগান আঁচনিৰ ক্ষতিসাধন হৈছে।কেৱল এয়াই নহয় আজি আৰু কাইলৈ ৰাজ্যত বৰষুণ সন্দৰ্ভত হালধীয়া সতৰ্কবাণী জাৰি কৰা হৈছে।
