হিমাচল প্ৰদেশত এতিয়া কান্দোনৰ ৰোল উঠিছে ৷ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা হিমাচলত এতিয়া প্ৰকৃতিয়ে চলাইছে ধ্বংসলীলা ৷ এফালে বাৰিষাৰ বান, আনফালে ডাৱৰ বিস্ফোৰণ ৷ পাহাৰীয়া ৰাজ্যবাসীৰ দুখ কুলাই পাচিয়ে নধৰা হৈছে ৷মাণ্ডিত ধাৰাসাৰ বৰষুণ ৷ পূৰ্বতকৈ অধিক ভয়াৱহ হৈ পৰিছে পৰিস্থিতি ।শেহতীয়া তথ্য অনুসৰি, মাণ্ডি জিলাত হোৱা ধাৰাসাৰ বৰষুণৰ পিছত পুনৰবাৰ ডাৱৰ বিস্ফোৰণে বিধ্বংসী ৰূপ ধাৰণ কৰিছে । ইয়াৰ ফলত মাণ্ডি চহৰৰ বহু অঞ্চলত বানৰ সৃষ্টি হৈছে । এই বানত ইতিমধ্যে ৫ জন লোক উটি যোৱা বুলি খবৰ লাভ কৰা হৈছে । এই উটি যোৱা ৫ জন লোকক উদ্ধাৰৰ বাবে চলোৱা অভিযানত ৩ জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ৷ ইয়াৰে এজনৰ সন্ধান উলিওৱাৰ বাবে চেষ্টা চলাই থকা হৈছে ৷ আনহাতে আন এজন লোকক আহত অৱস্থাত উদ্ধাৰ কৰা হৈছে ।
ভূমিস্খলনৰ বাবে বন্ধ হৈ পৰিছে কিৰাটপুৰ মানালী ফ’ৰলেন আৰু পাঠানকোট মাণ্ডি ৰাষ্ট্ৰীয় ঘাইপথছোৱা । চণ্ডীগড়-মানালী ৰাষ্ট্ৰীয় ঘাইপথৰ ৪ মাইল, ৯ মাইল, দ্ৱাদা, ঝালোগীকে ধৰি বহু ঠাইত ভূমিস্খলনৰ বাবে পথ যাতায়ত বন্ধ হৈ পৰিছে । একে সময়তে পাঠানকোট-মাণ্ডি ৰাষ্ট্রীয় ঘাইপথৰ পথাৰৰ পৰা মাণ্ডিলৈকে বহু ঠাইত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে ৷
তথ্য অনুসৰি, এই পৰ্যন্ত ২৫১টা পকী ঘৰ আৰু ১৬৭টা মাটিৰ ঘৰ ডাৱৰ বিস্ফোৰণ, ভূমিস্খলন, বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হৈছে । ৪৩৭ টা পকী ঘৰ আৰু ৪৬৭টা মাটিৰ ঘৰৰ আংশিক ক্ষতি হৈছে । ২৮৭খন দোকানৰো ক্ষতিসাধন হৈছে । লগতে এই প্ৰাকৃতিক দুৰ্যোগৰ ফলত ২২৯০২ টা জীৱ-জন্তু আৰু হাঁহ-কুকুৰা চৰাইৰ মৃত্যু হৈছে । মুঠতে লোকচানৰ পৰিসংখ্যা ১৫২৩ কোটি টকা হৈছেগৈ ।
