বিশ্বৰ সৰ্ববৃহৎ মটৰ চাইকেল আৰু স্কুটাৰ নিৰ্মাতা প্ৰতিষ্ঠান হিৰো মট’কৰ্পক জল ব্যৱস্থাপনাত উৎকৃষ্টতাৰ বাবে চিআইআই ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হৈছে আৰু অত্যাধুনিক নিৰ্মাণ সুবিধাৰ বাবে ‘উইদিন দ্য ফেঞ্চ’ কেটেগৰীত ‘বিজয়ী বা উইনাৰ’ ৰূপে ৰেটিং দিয়া হৈছে। হাৰিয়ানাৰ গুৰুগ্ৰামত শিল্প নিৰ্মাণৰ সুবিধা। এই বঁটা লাভে কোম্পানীটোৰ জল ব্যৱস্থাপনাত উদ্ভাৱন তথা উৎকৰ্ষতা আৰু ২০২৫ চনৰ ভিতৰত নিজৰ ৫০০% ৱাটাৰ পজিটিভ লক্ষ্য প্ৰাপ্ত কৰাৰ প্ৰচেষ্টাক স্বীকৃতি দিলে।
হিৰো মট’কৰ্পে বছৰি প্ৰায় ৩.৮ মিলিয়ন কিলোলিটাৰ পানী ৰাহি কৰি আহিছে আৰু নিজৰ চৌহদৰ বাহিৰৰ সম্প্ৰদায়সমূহৰ বাবেও পানীৰ প্ৰৱেশাধিকাৰ সৃষ্টিৰ সময়ত পানীৰ ব্যৱহাৰ আৰু অপচয় হ্ৰাস কৰি ‘ৱাটাৰ ষ্টুৱাৰ্ডশ্বিপ’ৰ দিশে আগবাঢ়িছে।কোম্পানীটোৱে আৰঅ’ ফিল্টাৰেচন সলনি কৰি আল্ট্ৰা ফিল্টাৰেচন, কুলিং টাৱাৰত মেচিন আৰঅ’ ৰিজেক্ট পানীৰ পুনৰ ব্যৱহাৰ কৰা, ডি এম আৰু আৰঅ’ প্লাণ্টছ আৰু অবিৰত ৰিন্সিঙৰ সলনি কেছকেডিং ৰিন্সিঙৰ দৰে পদক্ষেপসমূহ কাৰ্যকৰীভাৱে প্ৰয়োগ কৰিছে।
হিৰো মট’কৰ্পে ঘৰুৱা আৰু সংশোধিত পানীৰ পুনঃব্যৱহাৰতো বিনিয়োগ কৰে আৰু উদ্যোগটোৰ চৌহদৰ ভিতৰতে ৩৪টা ৰিচাৰ্জ শ্বাফ্ট(খাদ) নিৰ্মাণ কৰিছে। ২০২২-২৩ বিত্তীয় বৰ্ষত ১,৪০,৬১২ কে এল পানী পৰিশোধন কৰা হৈছিল, য’ত ৯৬,১৩৯ কিলোলিটাৰ পানীৰ পুনৰ ব্যৱহাৰ কৰা হৈছিল আৰু ৪,৪৪৭৩ কে এল উদ্যান শস্যৰ বাবে পুনৰ ব্যৱহাৰ কৰা হৈছিল।