হিৰো মট’কৰ্পে নিজৰ ধ্বজাবাহী বাইক মেভ্ৰিক ৪৪০ৰ বহু প্ৰত্যাশিত মূল্য আৰু বুকিং আৰম্ভ হোৱা কথা ঘোষণা কৰিছে। এই শুভাৰম্ভণিয়ে আপাৰ প্ৰিমিয়াম ছেগমেণ্টত এক নতুন যুগৰ আৰম্ভণি চিহ্নিত কৰিছে, কিয়নো হিৰো মট’কৰ্পে ১৪ ফেব্ৰুৱাৰীৰ পৰা দেশজুৰি গ্ৰাহকৰ বাবে বুকিং মুকলি কৰিছে। তিনিটা ভিন্নতা-বেছ, মিড, আৰু টপত উপলব্ধ মেভ্ৰিক ৪৪০ বাইকখনে ষ্টাইল, প্ৰদৰ্শন আৰু অত্যাধুনিক প্ৰযুক্তিৰ মিশ্ৰণেৰে মটৰ চাইকেল অনুৰাগীসকলক আকৰ্ষণ কৰিবলৈ প্ৰয়াস কৰিছে। বেচ ভেৰিয়েণ্টৰ মূল্য আকৰ্ষণীয়ভাৱে ১,৯৯,০০০ টকা, আনহাতে মিড আৰু টপ ভেৰিয়েণ্টৰ মূল্য ক্ৰমে ২,১৪,০০০ আৰু ২,২৪,০০০ টকা (সমগ্ৰ ভাৰতৰ এক্স-শ্ব’ৰুমত)।
গ্ৰাহকসকলে এই মটৰচাইকেল নিৰ্দিষ্ট হিৰো মট’কৰ্প গ্ৰাহক বিপণী কেন্দ্ৰ বা অফিচিয়েল ৱেবছাইট www.heromotocorp.com ৰ জৰিয়তে ডিজিটেলভাৱে বুক কৰিব পাৰে। এপ্ৰিল মাহৰ পৰা আৰম্ভ হ’ব ডেলিভাৰী, যাৰ জৰিয়তে আগ্ৰহী ৰাইডাৰসকলক ৰাজপথত এক ৰোমাঞ্চকৰ অভিজ্ঞতাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। এই লেনদেনক মধুৰ কৰিবলৈ হিৰো মট’কৰ্পে মুকলি কৰিছে ‘ৱেলকাম টু মেভ্ৰিক ক্লাব অফাৰ’, যি কেৱল ১৫ মাৰ্চৰ পূৰ্বে মেভ্ৰিক ৪৪০ বুকিং কৰা গ্ৰাহকসকলৰ বাবে একচেটিয়াভাৱে উপলব্ধ। আগতীয়াকৈ বুকিং কৰাসকলে লাভ কৰিব ১০,০০০ টকাৰ কাষ্টমাইজড মেভ্ৰিক কিট অৱ এক্সেচৰিজ এণ্ড মাৰ্চেণ্ডাইজ। মেভ্ৰিক ৪৪০ বাইকে মধ্য-ওজনৰ মটৰচাইকেল শাখাত হিৰো মট’কৰ্পৰ সাহসী প্ৰৱেশক প্ৰতিনিধিত্ব কৰিছে, যিয়ে উদ্ভাৱন আৰু উৎকৰ্ষতাৰ প্ৰতি কোম্পানীটোৰ প্ৰতিশ্ৰুতি প্ৰদৰ্শন কৰিছে। যোৱা ২৩ জানুৱাৰীত জয়পুৰত হিৰো ৱৰ্ল্ড ২০২৪ৰ সময়ত উন্মোচন কৰা এই গতিশীল মটৰ চাইকেলে শক্তি, ক্ষিপ্ৰতা আৰু আৰাম প্ৰদানৰ সংমিশ্ৰণত এক প্ৰেৰণাদায়ক ৰাইডিং অভিজ্ঞতাৰ প্ৰতিশ্ৰুতি দিছে।
হিৰো মট’কৰ্পৰ মুখ্য কাৰ্যবাহী বিষয়া নিৰঞ্জন গুপ্তাই এই বুকিং মুকলিৰ কথা সদৰি কৰি উত্সাহেৰে কয় যে, “আমাৰ প্ৰিমিয়াম যাত্ৰা মেভ্ৰিক ৪৪০ৰ সৈতে সম্পূৰ্ণ সুবিধা প্ৰদানৰ কামসমূহ অব্যাহত আছে। এই সম্প্ৰসাৰণে মটৰচাইকেল উৎসাহী-অনুৰাগীৰ বৰ্ধিত প্ৰয়োজনীয়তা পূৰণ কৰা ব্যতিক্ৰমী সামগ্ৰী প্ৰদান কৰাৰ প্ৰতি আমাৰ প্ৰতিশ্ৰুতিক অংকিত কৰিছে।” মেভ্ৰিক ৪৪০ৰ স্বকীয় ডিজাইন, শক্তিশালী ইঞ্জিন আৰু সংযোজিত টেলিমেটিক্সৰ দৰে উন্নত সুবিধা আগবঢ়াই প্ৰিমিয়াম মটৰ চাইকেল চলোৱা লোকসকলৰ বাবে এক নতুন মানদণ্ড নিৰ্ধাৰণ কৰিবলৈ সাজু হৈছে।