সমগ্ৰ দেশৰ লগতে কাছাৰ জিলাত ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ আয়োজনত, জিলাৰ আৰক্ষী প্রশাসনে বিশেষ সজাগতা অভিযান শুরু কৰিছে। এই অভিযান শিলচৰ চহৰৰ সদৰঘাট পইণ্টৰ পৰা সূচনা হৈছে আৰু বিভিন্ন গুৰুত্বপূৰ্ণ স্থানত যান-বাহন আৰু পৰিবহণ বিভাগৰ সহযোগত আগবঢ়োৱা হৈছে।
আৰক্ষীসকলে এই অভিযানত জৰিমনা বিহাৰ পৰিৱৰ্তে হেলমেট উপহাৰ হিচাপে আগবঢ়াইছে, যাতে বাইক আৰোহীসকলে সুৰক্ষাৰ প্ৰতি সজাগ হয়। লগতে, নিয়ম মানি চলা যাতায়াতকাৰীসকলক উৎসাহিত কৰিবলৈ গোলাপ ফুলৰ দ্বাৰা শুভেচ্ছা জনোৱা হৈছে।
পথ দুৰ্ঘটনা হ্ৰাস কৰাটো এই কার্যসূচীৰ মূল লক্ষ্য। জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাসৰ নেতৃত্বত, অতিৰিক্ত আৰক্ষী অধীক্ষক সুব্ৰত সেন আৰু যান-বাহন বিভাগৰ ইনচাৰ্জ শান্তনু দাসসহ কেইবাগৰাকীও জ্যেষ্ঠ বিষয়া এই অভিযানত অংশগ্ৰহণ কৰিছে। তেওঁলোকৰ মতামত মতে, শাস্তিৰে নহয়, বরঞ্চ জনসাধাৰণৰ সজাগতাৰ পূৰ্ণতা অৰ্জনেই পথ সুৰক্ষাৰ লক্ষ্য সাফল্য লাভ কৰিব।
