এমজি মটৰ ইণ্ডিয়াই ভাৰতৰ প্ৰথমখন ইণ্টাৰনেট এছইউভি-এমজি হেক্টৰে দুটা নতুন ভেৰিয়েণ্ট মুকলি কৰাৰ কথা ঘোষণা কৰিছে । শ্বাইন প্ৰ’ আৰু চিলেক্ট প্ৰ’ নামৰ এই নতুন ভেৰিয়েণ্ট দুটাত নতুন সুবিধা, স্বজ্ঞাত প্ৰযুক্তি, সুৰক্ষা আৰু ড্ৰাইভিং সুবিধাৰে আধুনিক সময়ৰ যাত্ৰাৰ সকলো পেক লাভ কৰিব। শ্বাইন প্ৰ’ আৰু চিলেক্ট প্ৰ’ দুয়োটা নতুন ভেৰিয়েণ্টে ভাৰতৰ সৰ্ববৃহৎ ১৪ ইঞ্চিৰ এইচডি প’ৰ্ট্ৰেইট ইনফ’টেইনমেণ্ট চিষ্টেমৰ সৈতে গাড়ীৰ ভিতৰত ইনফ’টেইনমেণ্ট অভিজ্ঞতা প্ৰদান কৰে, য’ত থাকিব ৱায়াৰলেছ এপল কাৰপ্লে আৰু এণ্ড্ৰইড অটো আৰু ৱায়াৰলেছ ফোন চাৰ্জাৰ।
হেক্টৰৰ নতুন ভেৰিয়েণ্টবোৰত এলইডি প্ৰজেক্টৰ হেডলেম্প, ফ্লটিং লাইট টাৰ্ন ইণ্ডিকেটৰ, এলইডি ব্লেড কানেক্টেড টেইল লেম্প আৰু ক্ৰ’ম আউটচাইড ডোৰ হেণ্ডেল দিয়া হৈছে। ইয়াৰ লগতে প্ৰিমিয়াম আপহোলষ্ট্ৰী আৰু চামৰাৰে মেৰিয়াই থোৱা ষ্টিয়েৰিঙত অল-ব্লেক থীমত ব্ৰাছ কৰা মেটেল ফিনিছ (চিভিটি ৫-চিটাৰ), শ্বাইন প্ৰ’ আৰু চিলেক্ট প্ৰ’ ভেৰিয়েণ্ট দুয়োটাই ১৭.৭৮ চে.মি এম্বেডেড এলচিডি স্ক্ৰীনৰ সৈতে এক সম্পূৰ্ণ ডিজিটেল ক্লাষ্টাৰ লাভ কৰিব বাহনৰ গৰাকীয়ে। আৰোহীৰ আৰাম আৰু সুবিধাৰ ক্ষেত্ৰত অভিনৱ ব্যৱস্থা কৰা হৈছে, ইয়াৰ অধীনত শ্বাইন প্ৰ’ আৰু চিলেক্ট প্ৰ’ই এটা পুছ বুটাম ইঞ্জিন ষ্টাৰ্ট/ষ্টপ এটা স্মাৰ্ট কীৰে সকলো সুবিধা আগবঢ়ায়। নতুন ভেৰিয়েণ্টবোৰে ফাৰ্ষ্ট-ইন-চেগমেণ্ট ডিজিটেল ব্লুটুথ® কী আৰু কী শ্বেয়াৰিং ক্ষমতা*ও প্ৰদান কৰিছে।
“২০১৯ চনত মুকলিৰ পিছৰে পৰা এম জি হেক্টৰে নিজৰ বলিষ্ঠ উপস্থিতিৰে সবল খোজ দিবলৈ সক্ষম হৈছে আৰু এডিএএছ লেভেল ২ তথা কানেক্টেড সুবিধা প্ৰদান কৰি বহুতো প্ৰযুক্তিগত বৈশিষ্ট্য আৰু উচ্চ মানদণ্ডৰ ড্ৰাইভিং আৰামদাসক সুবিধাৰ সৈতে এছ ইউভি লেণ্ডস্কেপক ন ৰূপত সংজ্ঞায়িত কৰিছে। পিছৰ পৰ্যায়ৰ প্ৰতিটো ভেৰিয়েণ্টতে আৰাম, উন্নত প্ৰযুক্তি আৰু এৰ্গনমিক ডিজাইনৰ এক মিশ্ৰণ আগবঢ়াই এই ছেগমেণ্টত নতুন মাপকাঠী নিৰ্ধাৰণ কৰিবলৈ সক্ষম হৈছে। আমাৰ বজাৰ গৱেষণা, উদ্যোগ বিশ্লেষণ আৰু গ্ৰাহকৰ মতামতৰ ভিত্তিত বিশেষ অন্তৰ্দৃষ্টি ব্যৱহাৰ কৰি শেহতীয়াকৈ দুটা নতুন ভেৰিয়েণ্ট মুকলি কৰিছো, যিয়ে এছ ইউ ভি অনুৰাগীসকলৰ বিবেচনাপূৰ্ণ পছন্দসমূহ পূৰণ কৰাৰ লগতে প্ৰদৰ্শন আৰু শক্তিৰ জৰিয়তে উচ্চ ড্ৰাইভিং অভিজ্ঞতা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতিক আলোকপাত কৰিছোঁ,” এইদৰে কয় এম জি মটৰ ইণ্ডিয়াৰ উপ-পৰিচালন সঞ্চালক গৌৰভে গুপ্তাই। হেক্টৰৰ নতুন ভেৰিয়েণ্টসমূহে প্ৰধান সুবিধা আৰু সুৰক্ষা বৈশিষ্ট্যসমূহ যেনে ক্ৰুজ কণ্ট্ৰল*, ইলেক্ট্ৰিক পাৰ্কিং ব্ৰেক,* চাৰিচকীয়া ডিস্ক ব্ৰেক, ইলেক্ট্ৰনিক ষ্টেবিলিটী প্ৰগ্ৰেম (ই এছ পি), ট্ৰেকচন কণ্ট্ৰল চিষ্টেম (টিচিএছ), হিল হোল্ড কণ্ট্ৰল (এইচএচি) আদি প্ৰদান কৰে। লগতে এবিএছ+ ইবিডি, ব্ৰেক সহায়ক, সকলো আসনতে ছীটবেল্ট ৰিমাইণ্ডাৰ, ফ’ল’ মি হোম হেডলেম্প, কৰ্ণাৰিং ফ্ৰম্ট ফগ লেম্প, ফ্ৰণ্ট এণ্ড ৰিয়েৰ ডি-ফগাৰ, স্পীড চেন্সিং অটো ড’ৰ লক, আইছফিক্স চাইল্ড ছীট এংকৰ আৰু হাই-স্পীড ৱাৰ্নিং এলাৰ্ট আদি অজস্ৰ সুবিধা আৰু বিকল্প আগবঢ়াইছে।