গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা আৰক্ষী থানাৰ অন্তৰ্গত খানামুখত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাৰ পৰা পৰিত্ৰাণ বিচাৰি বৃহত্তৰ অঞ্চলটোৰ মহিলা আৰু আয়তী সকলে ১৭ ফেব্ৰুৱাৰীৰ দিনা বিয়লিৰ পৰা সন্ধিয়ালৈ ৰাষ্ট্ৰীয় ঘাইপথৰ দলঙৰ তলত নাম – প্ৰসংগ পৰিবেশন কৰে। অঞ্চলবাসীয়ে এক ব্যতিক্রমী । প্রণিধানযোগ্য যে ৰাষ্ট্ৰীয় ঘাইপথত দলঙৰ পশ্চিম দিশত বিগত সময়ছোৱাত কেইবাটাও পথ দুর্ঘটনা সংঘটিত হৈ বহু পৰিয়াললৈ ঘোৰ অমানিশা নামি আহিছে। কোনোবাজনে যদি স্বামীহাৰা হৈছে আন কোনোবাজনে আকৌ পুত্ৰহাৰা নতুবা কন্যাহাৰা হ’বলগীয়া হৈছে।
ইমানৰ পাছতো আৰক্ষী নতুবা পৰিবহণ বিভাগে পথছোৱাৰে চলাচল কৰা অনিয়ন্ত্রিত বাহনসমূহক আজিকোপতি কিন্তু নাকী লগাবলৈ সক্ষম নহ’ল। যাৰ পৰিপ্ৰেক্ষিতত অঞ্চলটোৰ কেবাখনো খেলৰ মহিলাসকলে একগোট হৈ সিদিনা নাম – প্ৰসংগ পৰিবেশন কৰি এই ভয়াৱহ পথ দুৰ্ঘটনাৰ পৰা পৰিত্ৰাণ বিচাৰি নেদেখাজনৰ ওচৰত শৰণাপন্ন হোৱা দেখা গ’ল।
আনহাতে খানামুখৰ সৰবৰহী যুৱক তপনজ্যোতি ঠাকুৰীয়াৰ সামগ্ৰিক পৰিচালনাত অনুষ্ঠিত অনুষ্ঠানত আজাৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ফণীন্দ্ৰ নাথ, থানাৰ যান-বাহন নিয়ন্ত্ৰণ শাখাৰ ভাৰপ্ৰাপ্ত বিষয়া মীৰ জাহান হুছেইন, খানামুখ শ্ৰী শ্ৰী লক্ষ্মী মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি সত্য ভৰালী, সমাজকৰ্মী ধীৰাজ কলিতাকে ধৰি অঞ্চলটোৰ কেবাজনো বিশিষ্ট লোক উপস্থিত আছিল। উল্লেখ্য যে নাম – প্ৰসংগ পৰিবেশনৰ অন্তত মহিলাসকলে পুনৰ যাতে পথত দুৰ্ঘটনা সংঘটিত নহয় তাৰ কামনাৰে চাকি-বন্তি, ধূপ-ধূনা জ্বলাই আঁঠু লৈ নেদেখাজনক সেৱা কৰে।