হৃদযন্ত্ৰ বিকল আৰু চাপ – শেষ নহয় জীৱনৰ পথ

430

হৃদযন্ত্ৰ বিকল (এইচএফ) হৈছে এক দীৰ্ঘম্যাদী স্থিতি, য’ত হৃদযন্ত্ৰই কাৰ্যকৰীভাৱে তেজ পাম্প (pump) কৰাৰ ক্ষমতা হেৰুৱায়। এই দীৰ্ঘম্যাদী অৱস্থাটো জীৱনজোৰা চিকিৎসা আৰু সামগ্ৰিক ব্যৱস্থাপনাৰ দ্বাৰা সফলতাৰে পৰিচালনা কৰিব পাৰি। অৱশ্যে, বিশ্বাসযোগ্য তথ্য আৰু সজাগতাৰ অভাৱ, পুৰণি ধাৰণা আৰু চিকিৎসাৰ ফলাফলৰ বিষয়ত মনত ওপজা সন্দেহে ৰোগীসকলৰ মানসিক সমস্যা যেনে উদ্বেগ আৰু হতাশা সৃষ্টিত অৰিহণা যোগায়। আগতীয়া হস্তক্ষেপ আৰু সঠিক ঔষধৰ দ্বাৰা এইচএফ ৰোগীসকলে তেওঁলোকৰ জীৱনৰ মানদণ্ড যথেষ্ট উন্নত কৰিব পাৰে।সফল হৃদযন্ত্ৰ বিকল প্ৰৱন্ধনৰ বাবে সময়মতে সঠিক চিকিৎসা লাভ কৰা, হৃদৰোগ বিশেষজ্ঞৰ পৰামৰ্শ অনুসৰণ কৰা আৰু নিৰ্ধাৰিত ঔষধৰ সময়সূচী পালন কৰাটো অতি প্ৰয়োজনীয়। প্ৰাথমিক চিকিৎসাত সহায় কৰিবলৈ এক শৃংখলাবদ্ধ জীৱনশৈলীৰে তেওঁলোকে অধিক স্বাস্থ্যকৰ জীৱন যাপন কৰিব পাৰে।

গুৱাহাটীৰ হায়াত চিকিৎসালয়ৰ কাৰ্ডিঅ’লজী বিশেষজ্ঞ ডাঃ চিন্ময় মজুমদাৰে কয়, “ৰোগীসকলে উপলব্ধি কৰিব লাগিব যে দীৰ্ঘম্যাদী এইচএফ যথেষ্ট কাৰ্যকৰীভাৱে নিয়ন্ত্ৰণ কৰিব পাৰি। নিয়মীয়াকৈ ৰোগীসকলক নিৰীক্ষণ কৰিলে কেৱল মানসিক আৰু এইচএফ সম্পৰ্কীয় দুয়োটা বিপদাশংকাৰ আগতীয়া হস্তক্ষেপত সহায়ৰ লগতে তেওঁলোকৰ তীব্ৰতা বিশ্লেষণ কৰিব পাৰি। ই হৃদৰোগ বিশেষজ্ঞ এজনক চিকিৎসাৰ সৰ্বশ্ৰেষ্ঠ শাৰী নিৰ্ধাৰণ কৰাত সহায় কৰে।” গুৱাহাটীৰ এপ’ল’ এক্সেলকেয়াৰ হস্পিটেলৰ কাৰ্ডিঅ’লজী বিভাগৰ সঞ্চালক আৰু মুৰব্বী ডাঃ নীল বৰদলৈৰ মতে, ‘উচ্চ ৰক্তচাপ আৰু ডায়েবেটিচ বহিৰাগত জীৱনশৈলীৰ দৰে পৰম্পৰাগত বিপদাশংকাৰ কাৰকৰ উপৰিও, দৈনন্দিন ৰুটিনত চাপ, হাই চুগাৰ  আৰু নিমখ সেৱন, অস্বাস্থ্যকৰ আহাৰ আৰু পৰিৱেশ প্ৰদূষণৰ বৰ্ধিত স্তৰ হৈছে কিছুমান কাৰক, যাৰ বাবে আমাৰ জনসংখ্যা হৃদযন্ত্ৰ বিকল হোৱাৰ আশংকা অধিক।

 ই হৃদৰোগ বিশেষজ্ঞ এজনক চিকিৎসাৰ সৰ্বশ্ৰেষ্ঠ শাৰী নিৰ্ধাৰণ কৰাত সহায় কৰে। আগতীয়া ৰোগ নিৰ্ণয়ৰ সৈতে এই কাৰকবোৰৰ সজাগতা আৰু পৰিহাৰ, সময়মতে চিকিৎসাৰ সৈতে কাৰ্যকৰী ব্যৱস্থাপনা মুখ্যত গুৰুত্বপূৰ্ণ।” চাপৰ ফলত হৃদযন্ত্ৰ বিকল হোৱা ৰোগীসকল বিভিন্ন ধৰণে প্ৰভাৱিত হয়। ৰোগীসকলৰ বাবে চাপ ভালদৰে নিয়ন্ত্ৰণ কৰাৰ বাবে ইয়াত কিছু পৰামৰ্শ দিয়া হৈছে: (১) চাপৰ ট্ৰিগাৰবোৰ চিনাক্ত কৰক আৰু সেইবোৰ আঁতৰ কৰক, (২) ধ্যান (৩) বিশেষজ্ঞ আৰু সমৰ্থন গোট।