চজিনা বুলি ক’লে তাক নতুনকৈ চিনাকি কৰি দিয়াৰ প্ৰয়োজন নাই । আমাৰ সমাজত এইবিধ পাচলিৰ প্ৰচলন কালৰ পৰাই আছে । কিন্তু প্ৰাসংগিক কথাটো হ’ল এইবিধ পাচলিৰ ঔষধি গুণৰ আলোচনা কমকৈ হোৱাটোহে । চজিনাৰ আদি উৎপত্তিস্থান আফ্ৰিকা আৰু এছিয়া মহাদেশ । চজিনাৰ ফল, পাত, শিপা, ছাল, ফুল, গুটি সকলোবিধেই উপকাৰী । মানুহৰ বিভিন্ন প্ৰকাৰৰ দৈহিক অসুস্থতা নিৰাময়ৰ ক্ষেত্ৰত ই মহৌষধস্বৰুপ । ইয়াৰ ব্যৱহাৰে মধুমেহ, হৃদৰোগ, ৰক্তাল্পতা, যকৃতৰ ৰোগ, শ্বাস- প্ৰশ্বাসজনিত সমস্যা, চৰ্মৰোগ, পাকস্থলীৰ ৰোগ, গাঁঠিৰ বিষ আদি ৰোগত সুফল লাভ কৰিব পাৰি । তদুপৰি ই এণ্টি-ইনফ্লেমেটৰী, এণ্টি-অক্সিডেণ্ট আৰু কোষৰ সুৰক্ষাকাৰী হিচাপেও সমাদৃত ।

চজিনা পাতক ভিটামিন, খনিজ পদাৰ্থ, এন্টিঅক্সিডেন্ট, ক্ল’ৰ’ফিল আৰু সম্পূৰ্ণ এমিনো এচিডৰ ভাল উৎস বুলি গণ্য কৰা হয় । বাৰিষা এই পাতবোৰ সেৱন কৰিলে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়, মেদবহুলতা হ্ৰাস পায়, পেটৰ বিষ আৰু কোষ্ঠকাঠিন্যৰ পৰা উপশম পোৱা যায় । ইয়াৰ অন্য উপকাৰিতাসমূহৰ বিষয়ে জানো আহক-১০০ গ্ৰাম গাজৰত যিমান পৰিমাণৰ খাদ্যপ্ৰাণ-ক পোৱা যায়, তাতকৈ ৪০ গুণ বেছি পোৱা যায় সম-পৰিমাণৰ চজিনাৰ কেঁচা পাতত ।

১০০ গ্ৰাম সুমথিৰাত যিমান পৰিমাণৰ খাদ্যপ্ৰাণ-গ পোৱা যায়, তাতকৈ ৭ গুণ বেছি পোৱা যায় সম-পৰিমাণৰ চজিনাৰ কেঁচা পাতত ।১০০ গ্ৰাম গাখীৰত যিমান পৰিমাণৰ কেলচিয়াম পোৱা যায়, তাতকৈ ৪ গুণ বেছি পোৱা যায় সম-পৰিমাণৰ চজিনাৰ কেঁচা পাতত ।১০০ গ্ৰাম কলত যিমান পৰিমানৰ পটাছিয়াম পোৱা যায়, তাতকৈ ৩ গুণ বেছি পোৱা যায় সম-পৰিমাণৰ চজিনাৰ কেঁচা পাতত ।১০০ গ্ৰাম পালেং শাকত যিমান পৰিমানৰ আইৰন পোৱা যায়, তাতকৈ ৩-৪ গুণ বেছি পোৱা যায় সম-পৰিমাণৰ চজিনাৰ কেঁচা পাতত ।চকু সুস্থ কৰি ৰাখিবলৈও চজিনা পাত খাব পাৰি ৷ এই পাতত পোৱা এন্টিঅক্সিডেন্ট গুণে চকুৰ লগত জড়িত সমস্যা কম কৰে ৷ ইয়াৰ উপৰিও ই কোষৰ আৱৰণ ঘন কৰাৰ লগতে ৰেটিনাৰ ক্ষতি ৰোধ কৰে ৷