প্ৰাচীন কালৰে পৰা বেল এবিধ উপকাৰী ফল বুলি পৰিচিত। হিন্দু ধৰ্মাৱলম্বী লোকসকলে পূজা-অৰ্চনাত বেল গছৰ পাত আৰু ফল ব্যৱহাৰ কৰে।আয়ুৰ্বেদত বেল ফলক এক গুৰুত্বপূৰ্ণ ফল বুলি গণ্য কৰা হয়, যি বহু পাচন সম্বন্ধীয় ৰোগত উপকাৰী। এই ফলৰ প্ৰতিটো অংশই স্বাস্থ্যৰ বাবে উপকাৰী। বেল খাওক আৰু বহু ৰোগৰ পৰা আৰোগ্য হওক।বেল গছৰ বহুতো ঔষধি গুণ আছে। বেল হৈছে সকলো হজম সম্পৰ্কীয় সমস্যাৰ বাবে সৰ্বশ্ৰেষ্ঠ প্ৰতিকাৰ য’ত এণ্টি-বেক্টেৰিয়া, ভেঁকুৰ-প্ৰতিৰোধী গুণাগুণ থাকে।ইয়াৰ প্ৰত্যেকটো অংগই, মূল,ফুল,ডাল,চাল,বীজ, ফল আমাৰ বাবে অতি মূল্যৱান।পূজা অৰ্চনাত ইয়াক ব্যৱহাৰ কৰা হয় । বেলত কাৰ্ব’হাইড্ৰেট,প্ৰ’টিন, ভিটামিন-এ, ভিটামিন-বি ৰ ভিতৰত ৰাইব’ফ্লেভিন, থিয়ামাইন, ভিটামিন-চি, কেলছিয়াম,ফচফৰাছ,আইৰণ, শক্তি (কেলৰি) আৰু যথেষ্ট পৰিমাণে পানী আদি পোৱা যায়। বেলৰ পাত, শিপা আৰু ফলত উপকাৰী ৰাসায়নিক উপাদান থাকে।বেলত ৮৪ শতাংশ পানী থাকে বাবে বেল ফল খালে সহজতে তৃষ্ণা নিবাৰণ হয়। বেল ফলত ভিটামিন বি, বি-৬ আৰু ভিটামিন ই যথেষ্ট পৰিমাণে পোৱা যায়। বেলত থকা ফচফৰাচ, কেলচিয়াম আৰু লৌহ পদাৰ্থই মস্তিস্ক আৰু স্নায়ুক যথেষ্ট শক্তি প্ৰদান কৰে।বহু ৰোগৰ ঔষধি ৰূপে ব্যবহৃত হোৱা বেলৰ কেইটিমান উপকাৰিতা আজি জানি থঁও আহকচোন… বিশেষজ্ঞসকলৰ মতে, বেলত প্ৰটিন, আঁহ, চৰ্বি, কেলচিয়াম, পটাছিয়াম, আইৰণ, ফছফৰাছ আদি মৌল পোৱা যায়। ইয়াৰ উপৰিও এই ফলত ভিটামিন এ, বি আৰু চিও প্ৰচুৰ পৰিমাণে পোৱা যায়।বেলৰ ৰসে কলেষ্টেৰল নিয়ন্ত্ৰণত কৰাৰ লগতে তেজৰ কলেষ্টেৰলৰ স্তৰ হ্ৰাস কৰে।anti-bacterial,anti-parasitic গুণাগুণ থকা বাবে ই ডায়েৰিয়াৰ স্থিতি উন্নত কৰে।গৰমৰ দিনবোৰত বেলৰ চৰবত এক শীতলীকৰণ পানীয়ৰূপে ব্যৱহাৰ কৰিব পাৰি ৷ ই শৰীৰ শীতল কৰে।বিশেষজ্ঞসকলৰ মতে বেল ফল আমাৰ হজম আৰু হজম শক্তিৰ বাবে অতি উপকাৰী। বেলত প্ৰচুৰ পৰিমাণে আঁহ থাকে। আঁহে আমাৰ হজম শক্তি শক্তিশালী কৰাৰ কাম কৰে। ইয়াৰ উপৰিও শৰীৰৰ শিৰাত জমা হোৱা বেয়া কলেষ্টেৰল কমোৱাতো সহায় কৰে।পকা বেলৰ শাহ গৰম পানীত মিহলাই খালে কিডনী পৰিস্কাৰ হোৱাৰ লগতে বিভিন্ন ইনফেকশ্বন্ দূৰ হয় বিশেষকৈ কিডনিৰ পাথৰ এই মিশ্ৰণে প্ৰস্ৰাৱৰ লগত বাহিৰ কৰে আৰু প্ৰস্ৰাৱৰ জ্বলন পুৰণিও বহু ৰোধ কৰে।বেল হৈছে তেজ পৰিশোধক,খনিজ পদাৰ্থৰে সমৃদ্ধ যিয়ে শৰীৰৰ পৰা সকলো বিষাক্ত পদাৰ্থ উলিয়াই দিয়াত সহায় কৰে। বৃক্ক আৰু যকৃতৰ বিকাৰ প্ৰতিহত কৰাতো সহায়ক হয় ।
