
আখৰোটক শুকান ফলৰ ৰজা বুলিও কোৱা হয়, আখৰোট কেৱল সুস্বাদু নহয়, স্বাস্থ্যৰ বাবেও অতি উপকাৰী। আখৰোটত পুষ্টিকৰ উপাদানৰে ভৰপুৰ, যিয়ে আমাৰ শৰীৰক বহু দিশত উপকৃত কৰে। নিয়মিতভাৱে আখৰোট খালে আপুনি বহুতো স্বাস্থ্যজনিত সমস্যাৰ পৰা হাত সাৰিব পাৰে আৰু স্বাস্থ্যৰ উন্নতি সাধন কৰিব পাৰে। ছাল আৰু চুলি সুস্থ কৰি ৰাখিবলৈ আখৰোট হৈছে ফাইবাৰ, প্ৰটিন, ভিটামিন ই সমৃদ্ধ ছুপাৰফুড।
আখৰোটৰ কিছুমান ডাঙৰ স্বাস্থ্য উপকাৰৰ বিষয়ে জানক-
আখৰোটত এন্টিঅক্সিডেন্ট আৰু ভিটামিন ই প্ৰচুৰ পৰিমাণে থাকে,যাৰ ফলত ছালৰ বাবে ই যথেষ্ট উপকাৰী। চুলি সৰাৰ সমস্যাও দূৰ হয়
মগজু আৰু হৃদযন্ত্ৰৰ বাবে ভাল আখৰোটত। কিছুমান পুষ্টিকৰ উপাদান থাকে যিয়ে মগজুৰ বিকাশৰ ক্ষেত্ৰতো সহায় কৰে।
আখৰোটত থকা আঁহ আৰু স্বাস্থ্যকৰ চৰ্বে শৰীৰত তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে, যাৰ ফলত ডায়েবেটিছ ৰোগীৰ বাবেও ই উপকাৰী। ইয়াৰ উপৰিও আখৰোটে ইনচুলিনৰ সংবেদনশীলতা বৃদ্ধি কৰে, যাৰ ফলত শৰীৰে ইনচুলিন ভালদৰে ব্যৱহাৰ কৰিবলৈ সক্ষম হয়।ওজন কম কৰাতো আখৰোট উপকাৰী কাৰণ ইয়াত আঁহ আছে ৷
ইয়াত থকা কেলচিয়াম, মেংগানিজ, ক’পাৰ, জিঙ্ক, ভিটামিন B ৰ বাবে হাড়ৰ গঠন মজবুত হয় আৰু অষ্টিওপৰ’ছিছ সমস্যা ৰোধ কৰে ৷
মেগনেছিয়াম, মেংগানিজ, কেলচিয়াম, ফলেট, কপাৰ, আইৰণ থকাৰ বাবে শৰীৰৰ বিপাকীয় কাৰ্য্য সুচাৰুৰূপে সম্পন্ন হোৱাত সহায় হয় ৷
ডায়েবেটিচ ৰোগীৰ বাবেও আখৰোট উপকাৰী ৷
