মৌচুমীৰ উপকাৰীতাৰ বিষয়ে জানেনে

101

আমাৰ শৰীৰৰ বাবে মৌচুমী খুবেই এবিধ উপকাৰী ফল ৷ ই কেৱল পুষ্টিকৰ উপাদানেৰে ভৰপূৰ হোৱাই নহয় বৰঞ্চ ইয়াক খোৱাৰ আছে অনেক লাভ৷ মৌচুমী টেঙা সেৱন ভাৰতীয় খাদ্যৰ এক গুৰুত্বপূৰ্ণ অংশ, এই ফলৰ আছে বহু স্বাস্থ্য উপকাৰিতা। বিশেষকৈ গ্ৰীষ্মকালত এই ফল অতি উপকাৰী।আমাৰ শাৰীৰিক স্বাস্থ্যৰ উন্নতিৰ ক্ষেত্ৰত ফলৰ ভূমিকা অপৰিহাৰ্য্য। সতেজ আৰু শুকান পুষ্টিকাৰক ফল সমূহ আমাৰ শৰীৰৰ সুস্বাস্থ্যৰ বাবে উপকাৰী। এই ফল সমূহৰ বহু ধৰণৰ উপাদান যেনে ভিটামিন (Vitamins), খনিজ পদাৰ্থ (Minerals), এণ্টি-অক্সিডেণ্টে (Anti-oxidant) থকাৰ উপৰিও আঁহ জাতীয় গুণেৰে ভৰপূৰ। বিভিন্ন ধৰণৰ পুষ্টিৰে সমৃদ্ধ এনে এবিধ উৎকৃষ্ট ফল হৈছে মৌচুমী।মৌচুমীয়ে বিশেষকৈ গ্ৰীষ্মকালত অতি উপকাৰী, কাৰণ ইয়াত প্ৰাকৃতিক তৰল পদাৰ্থ, ভিটামিন, খনিজ পদাৰ্থ প্ৰচুৰ পৰিমাণে পোৱা যায় ৷ যদি আমি মৌচুমীৰ পুষ্টিকৰ উপাদানৰ কথা ক’বলৈ যাও তেন্তে ইয়াত ভিটামিন এ, চি, কেলচিয়াম, কাৰ্বহাইড্ৰেট, ফছফৰাছ, পটাছিয়াম, ফলেট আদি থাকে ।মৌচুমী খালে ওজন নিয়ন্ত্ৰণত সহায় কৰে, কাৰণ ই কম কেলৰিযুক্ত খাদ্য যিয়ে পেট আৰু কঁকালত চৰ্বি ওলমি থকাত বাধা দিয়ে ৷ যিসকল লোকে নিজৰ ফিটনেছক লৈ চিন্তিত তেওঁলোকে মৌচুমীৰ ৰস খালে যথেষ্ট উপকাৰিতা লাভ কৰিব ৷মৌচুমী ফলত ফ্লেভোনইডৰ এক উচ্চ-সমল মূল্য থাকে যি পাচন নলীক পাচন ৰস, এচিড আৰু পিত্তৰ ক্ষৰণ বৃদ্ধি কৰি শক্তি প্ৰদান কৰে। সেয়েহে, বদহজম, অনিয়মীয়া অন্ত্ৰৰ চলাচলৰ লগতে অন্যান্য গেষ্ট্ৰোইনটেস্টাইনেল অসুবিধাৰ সৈতে যুঁজি থকা ব্যক্তিসকলক সঘনাই মৌচুমীৰ ৰস খোৱাৰ পৰামৰ্শ দিয়া হয়। মৌচুমীয়ে ডায়েৰিয়া, ওকালি অহা আৰু বমি নিয়ন্ত্ৰণ কৰিব পাৰে।