ফুলকবি আপোনাৰ প্ৰিয় নে

71

শৰীৰ সুস্থ ৰাখিবলৈ সেউজীয়া শাক- পাচলি গ্ৰহণ কৰাটো খুবেই প্ৰয়োজনীয়। ভিন্ন ধৰণৰ পুষ্টিৰে সমৃদ্ধ এই সেউজীয়া শাক – পাচলি সমূহৰ নিয়মীয়া ব্যৱহাৰে আমাৰ শৰীৰক ভিন্ন ৰোগৰ পৰা ৰক্ষা কৰে আৰু বহুবোৰ ৰোগ নিৰাময়ৰ ক্ষেত্ৰত সহায় কৰে।

ভিন্ন পুষ্টিৰে সমৃদ্ধ এনে এবিধ পাচলি হৈছে- ফুলকবি।ফুলকবি কোনো ছুপাৰফুডকৈ কম নহয়, ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন আৰু পুষ্টিকৰ উপাদান থাকে ৷ ফুলকবিৰ ইংৰাজী নাম হৈছে ‘কলিফ্লাৱাৰ’ ৷ এই পাচলিবিধৰ পৰা বহু ধৰণৰ ব্যঞ্জন তৈয়াৰ কৰা হয় ৷ খাবলৈ সুস্বাদু হোৱাৰ উপৰিও ইয়াৰ স্বাস্থ্যৰ বহু উপকাৰো আছে ৷

ডায়েবেটিছ ৰোগীয়ে ফুলকবি খোৱাটো উপকাৰী নে অপকাৰী সেই বিষয়ে প্ৰায়ে এক খেলি-মেলিত পৰে কাৰণ আমি সকলোৱে জানো যে শৰ্কৰাৰ সমস্যা থকা ৰোগীয়ে বগা খাদ্য পৰিহাৰ কৰাটো উচিত৷ কিন্তু ফুলকবিৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য নহয় ৷