খাদ্যৰ তালিকাত কেঁচা জলকীয়াত ৰাখেনে

96

আমাৰ মাজৰ বহুতে ভাত, ৰুটি বা অন্য খাদ্যৰ সৈতে কেঁচা জলকীয়া নহ’লে খাদ্যৰ সোৱাদ আধৰুৱা অনুভৱ কৰে ৷ কিন্তু আপুনি জানেনে ইয়াৰ উপকাৰিতা কিমান ?খাদ্যৰ সোৱাদ বঢ়াবলৈ আমি খাদ্যত কেঁচা জলকীয়া ব্যৱহাৰ কৰো ৷ ইয়াৰ জ্বলা সোৱাদে খাদ্যত ইমানেই যাদু দেখুৱাই যে মানুহে ইয়াক খোৱা হোৱাৰ পিচতো খাদ্য আঙুলি চেলেকি খায় ৷ অৱশ্যে কিছুমান মানুহ আছে যিয়ে কেঁচা জলকীয়া খোৱাটো সম্পূৰ্ণ পৰিহাৰ কৰে ৷ যদি আপুনিও সেইসকল লোকৰ মাজত অন্তৰ্ভুক্ত, তেন্তে এই প্ৰতিবেদন আপোনাৰ বাবে ৷কেঁচা জলকীয়াত ভিটামিন এ, ভিটামিন বি ৬, ভিটামিন চি, আইৰণ, কপাৰ, পটাছিয়াম, প্ৰটিন আৰু বিটা-কেৰটিন আদি উপাদান প্ৰচুৰ পৰিমাণে পোৱা যায় প্ৰটিন আৰু বিটা-কেৰটিন প্ৰচুৰ পৰিমাণে পোৱা যায়। যিয়ে আপোনাক বহু ৰোগৰ পৰা ৰক্ষা কৰাত সহায় কৰে। গতিকে দৈনিক কেঁচা জলকীয়া খোৱাৰ আছে উপকাৰ। গতিকে দৈনিক কেঁচা জলকীয়া খোৱাৰ স্বাস্থ্যজনিত কি কি উপকাৰ জানো আহক-কেঁচা জলকীয়াই ছাল সুস্থ আৰু সুন্দৰ কৰি তোলাত অতি উপকাৰী ভূমিকা পালন কৰে। ইয়াত থকা ভিটামিন ‘চিয়ে মূলতঃ ছাল স্বাস্থ্যকৰ আৰু উজ্জ্বল কৰি ৰাখে।
কেঁচা জলকীয়াই ব্যক্তিৰ হজম শক্তি বৃদ্ধি কৰে। ভিটামিন ‘চি’ৰ আধিক্যৰ বাবেই দৈনিক আহাৰৰ সৈতে কেঁচা জলকীয়া খালে আহাৰ সোনকালে হজম হয়।
শুনিবলৈ আচৰিত যদিও কেঁচা জলকীয়াই ওজন হ্রাস কৰাত সহায় কৰে। দেহৰ অতিৰিক্ত মেদ-চৰ্বি হ্ৰাস কৰি তোলাত কেঁচা জলকীয়া অনন্য। তদুপৰি ই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰে।
বর্তমান অতি কমবয়সীয়া কিশোৰ-কিশোৰীৰ পৰা আদি কৰি প্ৰাপ্তবয়স্ক, বয়স্ক বয়সৰ প্ৰতি স্তৰৰ ব্যক্তি মধুমেহ ৰোগত আক্রান্ত হোৱা দেখা যায়। মধুমেহ ৰোগীয়ে প্রতিদিনেই নিজৰ খাদ্য তালিকাত কেঁচা ফলত শৰীৰৰ ‘ছুগাৰ লেভেল’ নিয়ন্ত্রিত হয়।