ইলাচি পাকঘৰতে থকা এনে এবিধ মছলা, যাৰ সহায়ত বহু ধৰণৰ খাদ্যৰ সোৱাদ আৰু সুগন্ধি বৃদ্ধি পায় ।

কিন্তু আপুনি জানেনে যে ইয়াৰো আছে অনেক উপকাৰিতা।পুৱাই ইলাচি চোবাই খালে মুখৰ দুৰ্গন্ধ দূৰ কৰাত সহায়ক হয় ।

মুখৰ দুৰ্গন্ধ ওলোৱা লোকে পুৱা সেউজীয়া ইলাচি সেৱন কৰিব লাগে ।

যদি আপোনাৰ পাচনতন্ত্ৰৰ সমস্যা আছে তেন্তে আপুনি সেউজীয়া ইলাচি খাব পাৰে ।

যদি আপুনি ওজন কমাব বিচাৰে তেন্তে ইয়াৰ পানীও সেৱন কৰিব পাৰে ।এনে বহু গুণ সেউজীয়া ইলাচিত পোৱা যায়।
