গাজৰক আমাৰ শৰীৰৰ বাবে খুবেই উপকাৰী বুলি গণ্য কৰা হয় কিন্তু আপুনি জানেনে গাজৰ সকলোৰে বাবে লাভজনক নহয় জানক কোনসকল লোকৰ বাবে গাজৰ অপকাৰী।

গাজৰৰ উপকাৰিতা অনেক ৷পেটৰ সৈতে জড়িত সমস্যা, পিত্তৰোগ, যকৃতৰ ৰোগ, জণ্ডিচ, প্ৰস্ৰাৱৰ ৰোগ, ছালৰ ৰোগ, চকুৰ ৰোগ আদিৰ দৰে বহু ৰোগ নিৰাময় কৰাত গাজৰৰ ব্যৱহাৰ হয় ।

কিন্তু আপুনি জানি আচৰিত হ’ব যে গাজৰ সকলোৰে বাবে লাভজনক নহয় ৷গাজৰৰ গ্লাইচেমিক সূচক কম যদিও বেছিকৈ খালে ডায়েবেটিচ ৰোগীৰ বাবে ক্ষতিকাৰক হৈ পৰে ৷

ই ৰক্ত শৰ্কৰাৰ স্তৰ বৃদ্ধি কৰিব পাৰে, যাৰ ফলত ইয়াক নিয়ন্ত্ৰণ কৰাটো কঠিন হৈ পৰে ৷পেটৰ সমস্যাত ভুগি থকা লোকসকলেও গাজৰ খাওঁতে সতৰ্ক হ’ব লাগে ৷

গাজৰক পেটৰ স্বাস্থ্যৰ বাবে উপকাৰী বুলি বিবেচনা কৰা হয় ৷ কিয়নো ইয়াত ভাল পৰিমাণৰ আঁহ থাকে ৷গাজৰ গৰ্ভৱতী মহিলাৰ বাবে উপকাৰী যদিও অত্যধিক খালে কিছুমান সমস্যা হ’ব পাৰে ৷

গাজৰত উচ্চ পৰিমাণৰ ভিটামিন এ থাকে ৷ অত্যধিক ভিটামিন এ গ্ৰহণে ভ্ৰূণৰ বিকাশ প্ৰভাৱিত কৰিব পাৰে।