জিএমচিএইচত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ ছাডেন ভিজিট

110

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত সোমবাৰে নিশা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ ছাডেন ভিজিট৷উপস্থিত হৈ মান্ত্ৰী গৰাকীয়ে জিএমচিএইচৰ কেইবাটাও মহলা পৰিদৰ্শন কৰে।কিন্তু জিএমচিএইচত নিশা এজনো জ্যেষ্ঠ চিকিৎসকক নাপাই ক্ষুব্ধ হৈ পৰে মন্ত্ৰী কেশৱ মহন্ত৷
কিছু দিন আগতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জিএমচিত নিশা জেষ্ঠ্য চিকিৎসক থকাটো বাঞ্চনীয় বুলি ঘোষণা কৰিছিল৷কিন্তু এই নিৰ্দেশনাৰ পাছতো নিশা নাছিল এজনো জ্যেষ্ঠ চিকিৎসক৷ উল্লেখযাগ্য যে,সোমবাৰে জিএমচিএইচত ১২জন ক’ভিড আক্ৰান্তৰ মৃত্যু হোৱাৰ ঘটনাৰ পাছতে চিকিৎসালয়খনত স্বাস্থ্যমন্ত্ৰীৰ গৈ উপস্থিত হয়৷তেওঁ স্বচকুৰে প্ৰতিটো মহলা তন্নতন্নকৈ পৰিদৰ্শন কৰাৰ লগতে চিকিৎসকৰ ডিউটী লিষ্টও পৰীক্ষা কৰে৷