পকা কলৰ উপকাৰিতাৰ কথা সকলোৱে জানে। কলত পোৱা সকলো পুষ্টিকৰ উপাদানৰ বিষয়ে জানেনে? কলত বহু পৰিমাণৰ কাৰ্বহাইড্ৰেট, ভিটামিন এ, ভিটামিন চি, ভিটামিন বি-৬, আইৰণ, ফছফৰাছ, কেলচিয়াম, মেগনেছিয়াম, জিংক, ছডিয়াম আৰু পটাছিয়াম আদি উপাদান থাকে ৷ এই কল সঠিক পৰিমাণত আৰু সঠিকভাৱে খালে স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে ৷ পেটৰ লগত জড়িত সমস্যাবোৰ দূৰ হয় লগতে কলত থকা মৌলবোৰে আন্ত্ৰিক স্বাস্থ্য বহু পৰিমাণে উন্নত কৰিব পাৰে ৷কল সঠিক পৰিমাণত খালে স্বাস্থ্যৰ বাবে ই আমাৰ বাবে যথেষ্ট উপকাৰী হ’ব পাৰে, পেটৰ লগত জড়িত সমস্যাবোৰ দূৰ হয় জানো আহক ইয়াক দৈনিক খোৱাৰ উপকাৰিতা-কলৰ অনান্য উপকাৰিতা——
কল হাতেৰে পিটিকি শৰীৰত লেপন দি গা ধুলে অংগবিলাকৰ ছালৰ সৌন্দৰ্য্য অটুত থাকে । কাহ – কফত তেজ ওলালে কল খাব পাৰে। এনে ক্ষেত্ৰত কলৰ উপকাৰিতা দেখা যায়।কল পিহি জলফাই তেল মিলাই সর্বাংগত মালিচ কৰিলে ত্বক কোমল হয় আৰু ছালত থকা দাগ নোহোৱা হয় । কলে চকুৰ ৰোগ হোৱাত বাধা দিয়ে ৷ কল কৃমিনাশ কৰাতো লাভদায়ক ৷ কল খালে শৰীৰৰ গাঁঠিৰ বিষো নিয়ন্ত্ৰণত ৰাখে ৷ পেটৰ ৰোগত কাচকল খাব লাগে ৷ কাচকলত থাকে এনজাইম, যিয়ে ডায়েৰিয়া আৰু পেটৰ নানা সংক্ৰমণ দূৰ কৰে ৷ সেয়ে ডায়েৰিয়া হ’লে চিকিৎসকসকলে কাচকল খোৱাৰ পৰামৰ্শ দিয়ে ৷
কাচকলত প্ৰচুৰ পৰিমাণে পটাছিয়াম আছে ৷ বিভিন্ন গৱেষণাত দাবী কৰা হৈছে, কাচকল খালে হৃদৰোগৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস পায় ৷ কাচকল বিভিন্ন ধৰণৰ কেঞ্চাৰ প্ৰতিৰোধৰ বাবে সহায়ক ৷ কাচকলত থকা কেলচিয়ামে হাড় মজবুত কৰে ৷ কাচকলত এণ্টি–অক্সিডেণ্ট ভৰপূৰ মাত্ৰাত থাকে ৷
