লঙৰ উপকাৰীতাৰ বিষয়ে জানেনে

34

আমাৰ পাকঘৰত সাধাৰণতে মছলা হিচাপে ব্যৱহাৰ কৰা লঙত এন্টি-বেক্টেৰিয়েল, এন্টি-ফাংগেল আৰু এন্টি-অক্সিডেন্ট গুণ আছে। ই কেৱল মূৰৰ ছালখন সুস্থ কৰি তোলাই নহয় চুলিৰ শিপাও শক্তিশালী কৰে।

লঙৰ পানীৰ উপকাৰিতা আৰু ইয়াৰ ব্যৱহাৰ কেনেকৈ কৰিব লাগে জানোঁ আহক।

আপুনি চুলিৰ যত্ন ল’বৰ বাবে লং ব্যৱহাৰ কৰিব পাৰে ।যদি আপুনি চুলিৰ বৃদ্ধিত সহায় কৰিব বিচাৰে,যদি আপুনি দীঘল আৰু ডাঠ চুলি বিচাৰে তেন্তে লঙৰ পানী ব্যৱহাৰ কৰিব পাৰে।

ই মূৰৰ ছালত ৰক্ত সঞ্চালন বৃদ্ধি কৰাৰ লগতে নতুন চুলিৰ বৃদ্ধিত সহায় কৰে।উফিৰ পৰা সকাহ দিয়ে লঙৰ পানীয়ে। ইয়াত ভেঁকুৰ প্ৰতিৰোধী গুণ থাকে, যিয়ে মূৰৰ ছালৰ পৰা ভেঁকুৰ আৰু উফি আঁতৰোৱাত সহায় কৰে।

ই মূৰৰ ছাল পৰিষ্কাৰ কৰে আৰু লগতে খজুৱতিৰ সমস্যাও দূৰ কৰে।